/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-27/0mfwmje6/b3220552-72f6-4469-a2b9-70a7a89bfff0.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়াত শক্তি বিভাগৰ বিৰুদ্ধে মঙলবাৰে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। স্মাৰ্ট মিটাৰৰ বাবে অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি, অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আছুৰ শৱযাত্ৰা কাৰ্য্যসূচী দিনৰ ১০ বজাত হাইৱে চ'কৰ আছুৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখেৰে সোমাই চহৰখনৰ মাজেৰে পাৰ হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-27/3pzpjhmp/47ba88ce-a2f2-410b-8a44-26e6fa567942.jpg)
ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে শক্তি বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে এপিডিচিএলৰ শৱদেহৰ প্ৰতিকৃতি লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত আছুৰ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়াৰ আকাশ-বতাই কপাই তোলে।
ইয়াৰ পিছত প্ৰতিবাদৰ অন্তত এপিডিচিএলৰ প্ৰতীকি শৱদেহটো বিসৰ্জন দিয়ে বৰলীয়া নৈত । আনহাতে আজিৰ কাৰ্যসূচীত ৰঙিয়া আছুৰ তফিকদ্দিন আহমেদ,ভৱজ্যোতি ডেকাকে ধৰি কেইবাগৰাকীও আছু কৰ্মী উপস্থিত থাকে।
Also Read: হোজাই জিলাত ১৪৪ ধাৰা বলৱৎ...