গোলাঘাটৰ বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং চিকাৰী : নীৰৱ বনবিভাগ...

গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰুং, কাৰ্বি-আংলং জিলাৰ গৰমপানী আৰু নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অব্যাহত আছে বন ধ্বংস যজ্ঞ। সক্ৰিয় বৃহৎ চোৰাং চিকাৰীৰ দল। বনবিভাগৰ ৰহস্যজনক ভূমিকা...
গোলাঘাটৰ বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং চিকাৰী : নীৰৱ বনবিভাগ...

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট আৰু কাৰ্বি-আংলং জিলাৰ সীমান্তৱৰ্তী (গোলাঘাট জিলাৰ অন্তৰ্গত) নামবৰ দৈগ্ৰুং বন্যপ্ৰানী অভয়াৰণ্য আৰু ইয়াৰ গাতে লাগি থকা কাৰ্বি-আংলং জিলাৰ অন্তৰ্গত নামবৰ আৰু গৰমপানী অভয়াৰণ্যত এতিয়া চলিছে বন ধ্বংস যজ্ঞ। পিছে নিচ্ছুপ অভয়াৰণ্য কেইখনৰ ৰক্ষাৰ দায়িত্বত থকা বনবিভাগ। বনবিভাগৰ ৰহস্য জনক ভূমিকাই বনধ্বংসকাৰী সকলক অধিক উৎসাহিত কৰাৰ অভিযোগ সচেতন মহলৰ।

বনৰীয়া হাতী, মেথোন, পহু আদি কৰি জীৱ-জন্তু তথা বহু সংখ্যক দুষ্প্ৰাপ্য পক্ষীৰ বাসস্থান এই অভয়াৰণ্যত এতিয়া বন দস্যুৰ দপদপনিয়ে মূল্যবান গছ-গছনি, পশু-পক্ষী আৰু জীৱৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কাৰ্বি আংলং জিলাৰ শিলনীজান ৰেঞ্জৰ অন্তৰ্গত নামবৰ অভয়াৰণ্যৰ ভিতৰত দিনে নিশাই চলিছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। বনাঞ্চলখনৰ কয়লামাটি অঞ্চলত বনমাফিয়াই অবাধ হাৰত বনধ্বংস কাৰ্য চলাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে।

কয়লামাটিৰ পৰা গোলাঘাট জিলাৰ বগীজান, মুৰফুলনী, ৰঙাজান আদিৰ মাজেৰে ৰাজ্যৰ বিভিন্ন স্থানলৈ দৈনিক পাৰ হয় চোৰাং কাঠৰ গাড়ী। এইবোৰ দেখি শুনিও নেদেখাৰ ভাও ধৰা কাবিআংলং আৰু গোলাঘাটৰ বন বিভাগৰ লগতে আৰক্ষীৰ প্ৰতিও এতিয়া ৰাইজৰ সন্দেহ বৃদ্ধি পাব ধৰিছে। অভয়াৰণ্য কেইখনৰ কাষতে থকা গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানা আৰু মুৰফলনী খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখেৰে কেনেদৰে দৈনিক চোৰাং কাঠ কঢ়িওৱা ট্ৰাক পাৰ হৈ যায় সেই কথাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

অন্যহাতে কাৰ্বি আংলং জিলাৰ কয়লামাটি হৈয়ো অভয়াৰণ্য কেইখনৰ পৰা প্ৰতি নিশাই হেজাৰ হেজাৰ কে বি কাঠ সৰবৰাহ হৈ আছে। ইফালে কাঠৰ ভূৰ তৈয়াৰ কৰি ধনশিৰি আৰু দৈয়াং নদী পাৰ কৰি জামুগুৰি-ফৰকাটিং হৈয়ো চোৰাং কাঠৰ বেহা অব্যাহত আছে। ফৰকাটিং অঞ্চলৰ কেইবাটাও কাঠৰ মিল এনে চোৰাং কাঠেৰেই বছৰৰ পাছত বছৰ ধৰি চলি থকাৰ কথাও জানিব পৰা গৈছে। জানিব পৰা মতে, গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বহুকেইটা অবৈধ কাঠ মিলৰ গৰাকীয়ে কাৰ্বি আংলং জিলাৰ পৰা গোলাঘাটৰ মুৰফুলনীৰ মাজেৰে বনবিভাগ আৰু আৰক্ষীক মেনেজ কৰি দীৰ্ঘদিনে চলাই গৈছে এনে ধৰণৰ অবৈধ কাৰ্যকলাপ।

এই তিনিওখন অভয়াৰণ্যৰ মূল্যবান কাঠেৰে এক বিশাল চক্ৰই ৰমৰমীয়া বেহা চলাই অভয়াৰণ্য কেইখনক তিলতিলকৈ ধ্বংসৰ দিশে লৈ গৈছে যদিও বনাঞ্চলখন ৰক্ষাৰ দায়িত্বত থকা বনবিভাগে চকু মুদি থকা বিষয়টো ৰাইজে সহজ ভাৱে লব পৰা নাই। ৰাইজৰ অভিযোগ বনবিভাগ আৰু আৰক্ষীয়েই বছৰ বছৰ ধৰি এই ধ্বংস যজ্ঞৰ মুখ্য পুৰোহিতৰ ভূমিকা পালন কৰি আহিছে। তদুপৰি মুৰফুলনী খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু বনমাফিয়াৰ লগত গোপন মিতিৰালিৰে এনেদৰে চলাই যাবলৈ সুবিধা কৰি দিয়া বুলি ৰাজহুৱাভাবে অভিযোগ উত্থাপিন কৰিছে। আনহাতে এই গোপন মিতিৰালিৰ অংশ গোলাঘাট আৰু কাৰ্বি-আংলং জিলাৰ বনবিভাগৰ বৰমুৰীয়াই লাভ কৰে বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

সময় থাকোতেই যদি ৰাজ্য চৰকাৰে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিব নোৱাৰে তেন্তে নামবৰ দৈগ্ৰোং বন্যপ্ৰানী অভয়াৰণ্যখনৰ লগতে অন্য দুখন অভয়াৰণ্যও যে কালৰ বুকুত নিশ্চিহ্ন হৈ যাব সেয়া নিশ্চিত।

গোলাঘাটৰ বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং চিকাৰী : নীৰৱ বনবিভাগ...
প্ৰসংগ-ফাইজান: ডিব্ৰুগড়ত ফাইজানৰ কবৰস্থান খান্দিলে চি আই ডিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in