ট্ৰিপল মাৰ্ডাৰৰ মূল অভিযুক্ত নাজিবুৰক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ট্ৰিপল মাৰ্ডাৰৰ মূল অভিযুক্ত নাজিবুৰক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
ট্ৰিপল মাৰ্ডাৰৰ মূল অভিযুক্ত নাজিবুৰক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ডিজিটেল সংবাদ,গোলাঘাট : সমগ্ৰ ৰাজ্য কপাই যোৱা গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰৰ মূল অভিযুক্ত নাজিবুৰ ৰহমানক শুকুৰবাৰে পুনৰ গোলাঘাটৰ আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে যোৱা ২৪ জুলাইত নাজিবুৰে গোলাঘাট চহৰৰ হিন্দী স্কুল ৰোডত থকা নিজৰ শহুৰৰ ঘৰত প্ৰৱেশ কৰি শহুৰ সঞ্জীৱনী ঘোষ,শাহু জুনু ঘোষ আৰু পত্নী সংঘমিত্ৰা ঘোষক দাৰে ঘপিয়াই হত্যা কৰিছিল।

Advertisment

হত্যাকাণ্ড সংঘটিত কৰাৰ পিচতে নাজিবুৰে তেওঁলোকৰ ৯ মহীয়া কেঁচুৱাটিক লগত লৈ গোলাঘাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছল। আৰক্ষীয়ে ২৫ জুলাইত তেওঁক আদালতত হাজিৰ কৰাৰ পিচতে আদালতে তেওঁক ১০ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিচতে অভিযুক্ত নাজিবুৰক পুনৰ আদলতত হাজিৰ কৰোৱা হয় আৰু আৰক্ষীৰ আবেদন মৰ্মে আদালতে পুনৰ এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। সমগ্ৰ ৰাজ্য কপাই যোৱা এই হত্যাকাণ্ডৰ অনুসন্ধান ইতিমধ্যে গঠন কৰি দিয়া আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে অব্যাহত ৰাখিছে।

Also Read: নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধিতাৰে গ্ৰাম্য উন্নয়ন সংঘৰ প্ৰতিবাদ

Golaghat Police crime