নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধিতাৰে গ্ৰাম্য উন্নয়ন সংঘৰ প্ৰতিবাদ

নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধিতাৰে গ্ৰাম্য উন্নয়ন সংঘৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধিতাৰে গ্ৰাম্য উন্নয়ন সংঘৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, নামৰূপ : কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডিবিয়া মুখৰ কথাত ভোল যোৱা নাই একাংশ নামৰূপবাসী ৰাইজ। সেয়ে শুকুৰবাৰে নামৰূপ সাৰ কাৰখানাৰ মূল প্ৰৱেশদ্বাৰত নামৰূপ গ্ৰাম্য উন্নয়ন সংঘই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

উল্লেখ্য যে, লোকসভাৰ সদনত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বাবে পৰামর্শ দিছিল। ৰাজ্যিক মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডিবিয়াই নামৰূপ সাৰ কাৰখানা বন্ধ নহয় বুলি ঘোষণা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মুখৰ কথাত একাংশ ৰাইজ আশ্বস্ত নহৈ শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।

এনে পৰিপ্ৰক্ষিতত আজি নামৰূপ সাৰ উদ্যোগৰ মুখ্য  প্ৰৱেশ দ্বাৰত আজি পুনৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে নামৰূপ গ্ৰাম্য উন্নয়ন সংঘই। নামৰূপৰ ১১ খন গাঁও সংগঠিত হৈ গঠন হোৱা গ্ৰাম্য উন্নয়ন সংঘৰ  উদ্যোগত ৰূপায়িত হোৱা প্ৰতিবাদী কাৰ্যসূচীত সমবেত কৃষক ৰাইজে বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

'আছে কৃষক ওলোৱা নাই ওলালে কৃষক ৰক্ষা নাই' শ্লোগানেৰে নামৰূপৰ আকাশ-বতাহ কপাই তোলে। প্ৰতিবাদথলীত সম্বোধন কৰা প্ৰতিবাদী সভাত ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়নৰ উপদেষ্টা টিলেশ্বৰ বৰাই কয়- 'কাৰোবাৰ চকী যোৱাৰ ভয়ত মিছা কথা কৈ নামৰূপবাসীক প্ৰৱঞ্চনা নকৰিব'। এই সকীয়নী দি তেওঁ কয়- 'চৰকাৰৰ এই দীঘলীয়া কাৰ্যকালত অসমত এটাও উদ্যোগ স্থাপন হোৱা নাই। বৰঞ্চ থকা কেইটাও বন্ধ হৈছে।' 

আনহাতে কেন্দ্ৰীয় সাৰ মন্ত্ৰীগৰাকীয়ে কোৱা নেন' ইউৰীয়া প্লাণ্টক শ্ৰমিক নেতা গৰাকীয়ে বসন্ত কালৰ কুলি চৰাইৰ লগত তুলনা কৰে। তেওঁ কয় যে যেতিয়াই চতুৰ্থ গোট স্থাপনক লৈ অসমত প্ৰতিবাদ হয় তেতিয়াই কেন্দ্ৰীয় চৰকাৰে বি ভি এফ চি এলত নেন' ইউৰীয়া স্থাপনৰ কথা কৈ সৰ্বসাধাৰণ ৰাইজক আভুৱা ভাৰে।

সভাত আন এগৰাকী বক্তা তথা বিজেপি কৰ্মী সুৰেন গগৈয়ে বক্তব্যত কয় যে বি ভি এফ চি এলে বিগত বিত্তীয় বৰ্ষত ২৪ কোটি লাভ হোৱা বুলি অসম চৰকাৰ আৰু উদ্যোগ মেনেজমেন্টে প্ৰচাৰ কৰা বিষয়টো  কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে। তেওঁ কয় যে ৩শ কোটি লোকচান ভৰি থকা উদ্যোগটো আৰু ৬০-৭০ শতাংশ উৎপাদনক্ষম হৈ থকা বি ভি এফ চি এলৰ কেনেকৈ লাভ সম্ভৱ হ'ল ইয়াক স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনাই গগৈয়ে। 

ইফালে ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক ধ্ৰুৱ শইকীয়াইয়ো বক্তব্যত উদ্যোগটোত বিজড়িত আবেগ বৰ্ণনা কৰি কয়- 'এইচ এফ চিৰ পৰা  নামৰূপ সাৰ কাৰখানা পৃথক কৰি বি ভি এফ চি স্থাপন কৰা সময়তো এটা বিৰোধী চক্ৰই  এক অবৰ্ণনীয় বাধাৰ সৃষ্টি কৰিছিল। সকলো বাধা অতিক্রমী ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়নে  বিভিএফচি জন্ম দিয়া যুঁজত জপিয়াই পৰিছিল। এতিয়াও সাৰ কাৰখানা বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰা সকলক কেতিয়াও ক্ষমা কৰা নহ'ব বুলি স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰে।

লগতে মন্ত্ৰীৰ মুখৰ কথাক কেতিয়াও বিশ্বাসত লোৱাটো অসম্ভৱ বুলি উল্লেখ কৰে। তেওঁ কয়- '২০০৬ চনৰ পৰা ১৭ বছৰে কেৱল মুখৰ কথাতে সাৰ কাৰখানা  নিৰ্মাণ কৰি আছে' বাস্তৱত নাই হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদী কাৰ্যসূচীত ইনদীপেণ্ডেণ্ট ইউনিয়নৰ বিষয়-ববীয়া, সমাজসেৱক বিনন্দী বড়ো, গ্ৰাম্য উন্নয়ন সংঘৰ সভাপতি কেশৱ সোনোৱাল, সাধাৰণ সম্পাদক বিপুল গগৈকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

Also Read: কটন বিশ্ববিদ্যালয়ৰ অংশকালীন প্ৰবক্তা নিযুক্তিৰ বিজ্ঞাপন সন্দৰ্ভত সংবাদমেল

Namrup fertilizer factory BVFCL NAMRUP