ৰাজ্যবাসীলৈ সুখবৰ, এছিয়ান ভাৰ উত্তোলনত পদক অৰ্জন লক্ষী ৰাজখোৱাৰ

কেৰেলাত ১ মে'ৰ পৰা ৬ মে'লৈকে অনুষ্ঠিত হোৱা এছিয়ান ভাৰ উত্তোলন প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ ৬৩ কেজি মাষ্টাৰ্চ শাখাত প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে চাবুৱাৰ লক্ষী সোণোৱাল ৰাজখোৱাই

author-image
Asomiya Pratidin
New Update
ৰাজ্যবাসীলৈ সুখবৰ, এছিয়ান ভাৰ উত্তোলনত পদক অৰ্জন লক্ষী ৰাজখোৱাৰ

পদক অৰ্জন লক্ষী ৰাজখোৱাৰ

ডিজিটেল সংবাদ, চাবুৱাঃ ৰাজ্যবাসীলৈ সুখবৰ । কেৰেলাত ১ মে'ৰ পৰা ৬ মে'লৈকে অনুষ্ঠিত হোৱা এছিয়ান ভাৰ উত্তোলন প্ৰতিযোগিতাত(Asian Men Women Equipped Powerlifting Championship ভাৰতীয় দলৰ হৈ ৬৩ কেজি মাষ্টাৰ্চ শাখাত প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে চাবুৱাৰ লক্ষী সোণোৱাল ৰাজখোৱাই ।

পদক জয় কৰি সোমবাৰৰ দিনটোত স্বগৃহত উপস্থিত হয়হি লক্ষী সোণোৱাল ৰাজখোৱাই । গৃহভূমিত উপস্থিত হোৱা লগেলে চাবুৱা বিভিন্ন দল সংগঠন তথা ক্ৰিয়া প্ৰেমি ৰাইজে লখী ৰাজখোৱাক উষ্ম আদৰনী জ্ঞাপন কৰে ৷

এছিয়ান ভাৰ উত্তোলন প্ৰতিযোগিতা
এছিয়ান ভাৰ উত্তোলন প্ৰতিযোগিতা

মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰা ৰাজখোৱাক আদৰণি জনোৱাৰ লগতে চাবুৱা নগৰত পৌৰসভাৰ সভাকক্ষত অনেক দল সংগঠনে আদৰণি জনায় ।

ভাৰত তথা অসমৰ চাবুৱালৈ গৌৰৱ কঢ়িয়াই অনা মহিলা খেলুৱৈ গৰাকী হৈছে চাবুৱা পৌৰসভাৰ উপ-পৌৰপতি ।

ইয়াৰোপৰি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী । ইয়াৰ পূৰ্বেও চাবুৱাৰ এই গৰাকী মহিলা খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ভাৰ উত্তোলন প্ৰতিযোগিতাত সুনাম অৰ্জন কৰি আহিছে।

পদক বিজয়ীক সম্বৰ্ধনা
পদক বিজয়ীক সম্বৰ্ধনা

Also Read: কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক দম্পতী

silver medel lakhi rajkhuwa Asian Men Women Equipped Powerlifting Championship