মৃণাল শইকীয়াৰ উদ্যোগত খুমটাইত স্বাধীনতা দিৱসঃ মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন...
মৃণাল শইকীয়াৰ উদ্যোগত খুমটাইত স্বাধীনতা দিৱসঃ মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন...

মৃণাল শইকীয়াৰ উদ্যোগত খুমটাইত স্বাধীনতা দিৱসঃ মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন...

ডিজিটেল সংবাদ গোলাঘাটঃ স্বাধীনতা দিৱস উপলক্ষে গোলাঘাট জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰ মাজতে জিলাখনৰ অন্তৰ্গত খুমটাই সমষ্টিৰ যোগিবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত স্বাধীনতা দিৱসৰ সুউচ্চ পতাকা উত্তোলন কৰিলে বিধায়ক মৃণাল শইকীয়াই।

বিধায়কগৰাকীৰ উদ্যোগত অনুষ্ঠিত এই পতাকা উত্তোলন কাৰ্যসূচীত শিশুৰ পৰা বয়োবৃদ্ধলৈ বিভিন্ন বয়সৰ, বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। ইফালে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাই খুমটাইত অনুষ্ঠিত হয় এক মাৰাথন দৌৰ প্ৰতিযোগিতা।

খুমটাইৰ সেন্দুৰিটিং বাপুজী প্ৰাথমিক বিদ্যালয় আৰু সেন্দুৰিটিং ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতা বাদুলিপাৰৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈ পথৰ পৰা আৰম্ভ হয় আৰু সেন্দুৰিটিং খেলপথাৰত সামৰণি পৰে। প্ৰায় ১৫০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত।

উদ্যোক্তাই প্ৰকাশ কৰা অনুসৰি সমষ্টিটোৰ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।

মৃণাল শইকীয়াৰ উদ্যোগত খুমটাইত স্বাধীনতা দিৱসঃ মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন...
২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ'ব মোডীঃ লালকিল্লাৰ পৰা বিৰোধীক দিলে চেলেঞ্জ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in