২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ'ব মোডীঃ লালকিল্লাৰ পৰা বিৰোধীক দিলে চেলেঞ্জ...

২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ'ব মোডীঃ লালকিল্লাৰ পৰা বিৰোধীক দিলে চেলেঞ্জ...
২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ'ব মোডীঃ লালকিল্লাৰ পৰা বিৰোধীক দিলে চেলেঞ্জ...

ডিজিটেল ডেস্কঃ লালকিল্লাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী INDIA গোটক প্ৰত্যাহ্বান জনাই কৈ গ’ল আগন্তুক বৰ্ষত আকৌ স্বাধীনতা দিৱসত পুনৰ লালকিল্লালৈ আহিব আৰু এটা বছৰৰ খতিয়ান দাঙি ধৰিব।

উল্লেখ্য যে, দশমবাৰৰ বাবে লালকিল্লাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি স্বাধীনতা দিৱসৰ ভাষণ আগবঢ়ালে। এই ভাষণৰ মাজতে তেওঁ বিৰোধী  INDIA গোটক প্ৰত্যাহ্বান জনাই ক’লে- আগন্তুক বছৰত আকৌ স্বাধীনতা দিৱসত ইয়াতেই আপোনালোকৰ সন্মুখলৈ আহিম। আৰু এবছৰ ধৰি মই কি কি কাম কৰিলো তাৰ খতিয়ান দিম।

বিৰোধী গোটে এইবাৰেই মোডীৰ লালকিল্লাত শেষ ভাষণ বুলি দাবী কৰিছিল। অৰ্থাৎ মোডী ২০২৪ ৰ লোকসভা নিৰ্বাচনত শাসনৰ পৰা আঁতিৰব বুলি দাবী কৰিছিল। বিৰোধীৰ সেই দাবীকেই যেন আজি প্ৰত্যাহ্বান জনালে মোডীয়ে।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ  প্ৰস্তুতি হিচাপে বিজেপিক পৰাভূত কৰিবলৈ কঁকালত টঙালি বান্ধিছে বিৰোধী দলবোৰ। গঠন হৈছে INDIA গোট। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সেই গোটৰ অন্যতম শক্তিশালী নেত্ৰী।

এই মমতা বেনাৰ্জীয়েই বাৰে বাৰে দাবী কৰি আহিছে আগন্তুক বছৰৰ স্বাধীনতা দিৱসত দিল্লীত ভাষণ দিব বিৰোধী গোটৰ প্ৰতিনিধিয়ে। ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত মমতা বেনাৰ্জীয়ে কোৱা এই কথাৰেই যেন প্ৰত্যাহ্বান দিলে মোডীয়ে।

২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ'ব মোডীঃ লালকিল্লাৰ পৰা বিৰোধীক দিলে চেলেঞ্জ...
ঘণ অৰণ্যত নাগা স্বাধীনতা দিৱস উদযাপন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in