মৰঙীত বিধ্বংসী ধুমুহা; ব্যাহত যাতায়ত ব্যৱস্থা...

গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তত দেওবাৰে নিশা অহা এজাক বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে

author-image
Asomiya Pratidin
New Update
মৰঙীত বিধ্বংসী ধুমুহা; ব্যাহত যাতায়ত ব্যৱস্থা...

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তত দেওবাৰে নিশা অহা এজাক বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত বহু লোকৰ ঘৰদুৱাৰ ভাঙি তচমচ কৰা ওপৰিও বহু ঠাইত বৃহৎ বৃহৎ গছ উভালিপৰি যোৱা পৰিলক্ষিত হৈছে।

Advertisment

আনহাতে বিদ্যুতৰ তাৰ সমূহ পথৰ ওপৰত পৰি ৰোৱাত অঞ্চলতটোত বিদুৎ সংযোগ ব্যাহত হোৱাৰ লগতে গ্ৰাম্য পথ সমুহ যাতায়তৰ বাবে ব্যাহত হৈ পৰিছে। মৰঙী মৌজাৰ ফলঙনি, মুৰফুলনী, ফুলবাৰী, শ্যামৰায়পূৰ, বকীয়াল, নাহৰচলা, নুমলিগড় আদি ভিন্ন প্ৰান্তত এই বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে।

এই ধুমুহাৰ ফলত বহু পৰিয়ালৰ ঘৰ-ভাঙি পৰাত এতিয়া বিহুৰ আনন্দ উলাহ ম্লান পৰে। এক প্ৰকাৰৰ বৰদৈচিলাই কোবাই যোৱা মৰঙিত এতিয়া সাধাৰণ ৰাইজৰ দুখে কোলাই-পাচিয়ে নধৰা হৈছে।

Also Read: আজি তাঁতৰ বিহু : গাঁৱৰ বোৱাৰী-জীয়ৰিয়ে পালন কৰিছে এই বিহু...

natural disaster