/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ce84f8ea-d940-40eb-967e-cfbfb491270d/Tator_Bihu.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি সাত বিহুৰ চতুৰ্থ দিন তথা তিনি ব'হাগ। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে পালন কৰি আহিছে অসমীয়া জাতিয়ে।
ৰাজ্যৰ বিভিন্ন গ্ৰামাঞ্চলত ভিন্ন পৰম্পৰাৰে পালন কৰা হৈছে তাঁতৰ বিহু। সাতামপুৰুষীয়া ঐতিহ্য পৰম্পৰাক সৰোগত কৰি বটদ্ৰৱাৰ ৰাইদঙীয়া ফুলগুৰি গাঁৱৰ বোৱাৰী সকলও পালন কৰিছে এই বিহু। বোৱাৰী সকল সমবেত হৈ আদৰৰ ‘তাঁতশাল’ত ধূপ-দীপ, গোৱা-পান আগবঢ়াই তাঁতৰ বিহু পালন কৰে।
ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বিহু বিভিন্ন নিয়মৰ মাজেৰে পালন কৰা দেখা যায়। এই বছৰো তাৰ ব্যতিক্ৰম নোহোৱাকৈ তাঁতৰ বিহু পালন কৰা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us