/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e18d7c6f-8508-40e2-b375-441d6ac858c5/502.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ মাৰ্কশ্বিটত যদি টকাৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰিছে , সেইসকলক এক মিনিট পলম নকৰাকৈ গ্ৰেপ্তাৰ কৰিব লাগে ৷ ভৱিষ্যত দিনত শিক্ষা ব্যৱস্থাত এনে কলংকিত অধ্যায় সূচনা নহ'বলৈ তেঁওলোকৰ কঠোৰতম ব্যৱস্থা হ'ব লাগে ৷ এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷
শেহতীয়াকৈ পোহৰলৈ অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰী সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে বিধায়কগৰাকীয়ে। ইয়াৰোপৰি উক্ত ঘটনাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰে। ড০ শৰ্মাৰ দিনতে হেনো শিক্ষা ব্যৱস্থাই জঘন্য ৰূপ লৈছে।
অখিল গগৈয়ে কয়- বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেই বিগত ১৫টা বৰ্ষ শিক্ষামন্ত্ৰী হিচাপে আছে ৷ শিক্ষা বিভাগে এটা পৰীক্ষাও সুকলমে পাতিব নোৱাৰিলে ৷ হিমন্ত বিশ্বৰ দিনত শিক্ষা ব্যৱস্থাই জঘন্য ৰূপ লৈছে ৷
লগতে কয় যে শিক্ষাখণ্ডত বিৰাজ কৰিছে অৰাজকতাই ৷ কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীয়ে নহয়, কাউঞ্চিল, ছেবাতো কেলেংকাৰী আছে বুলি বিধায়কগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰে ৷
অসমৰ শিক্ষাখণ্ড এতিয়া উশৃংখল , শিক্ষাখণ্ড এতিয়া বিশৃংখল ৷ শিক্ষাখণ্ডৰ জৰিয়তে অসমৰ শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত শিক্ষা বিভাগ ব্যৰ্থ হৈছে বুলিও অখিল গগৈয়ে মন্তব্য কৰে ৷ বেচৰকাৰী বিদ্যালয়ে এতিয়া একমাত্ৰ পাথেয় হৈ দেখা দিছে ৷ হিমন্ত বিশ্ব,ৰণোজ পেগু কাৰোৰে দিনত শিক্ষাখণ্ডৰ উন্নতি নোহোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিধায়ক অখিল গগৈয়ে ৷
Also Read: কুৱঁৰীআটিৰ আদৰ্শ গাঁৱৰ বন্যাৰ্ত ৰাইজৰ চকুলো : বোকাৰ মাজত পাতিছে তিলনি