ৰক্ষকে ভক্ষক ! আৰক্ষী বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগ

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি
ৰক্ষকে ভক্ষক ! আৰক্ষী বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগ

ডিজিটেল সংবাদ,গোলাঘাট : বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধো। মঙলবাৰে সন্ধিয়া দেৰগাঁও লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ডি এচ পি তথা দেৰগাও চহৰৰ জ্যোতি নগৰৰ বাসিন্দা কিৰণ চন্দ্ৰ নাথক গোলাঘাটৰ আৰক্ষীয়ে পছক' আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি সোধা- পোচা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে সোমবাৰে নিশা ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে দেৰগাঁও আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ১৫বছৰীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ সম্পৰ্কত এখন এজাহাৰ দাখিল কৰিছিল। মাতৃগৰাকীয়ে কয় যেস তেঁওৰ কন্যাগৰাকী দীৰ্ঘদিন ধৰি আৰক্ষী বিষয়াগৰাকীৰ ঘৰত বনকৰা কিশোৰী ৰূপে আছিল। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও পাছলৈ আৰক্ষী বিষয়া কিৰণ নাথে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাবলৈ আৰম্ভ কৰিছিল।

মাতৃগৰাকীয়ে আৰু কয় যে, যোৱা ১৪ মাৰ্চত আৰক্ষী বিষয়াগৰাকীয়ে কিশোৰীগৰাকীক মাতৃগৃহত থৈ আহিছিল। ইয়াৰ পাছতেই কন্যাগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰোতেই ভাতৃয়ে দেখা পাই বাধা প্ৰদান কৰে।

ইয়াৰ পাছতেই কিশোৰীগৰাকীয়ে ভাতৃ আৰু মাতৃৰ আগত তেঁওৰ ওপৰত চলা দীৰ্ঘদিনীয়া যৌন নিৰ্যাতনৰ সবিশেষ বিৱৰি কয় আৰু তেতিয়াই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পাছতো লম্পট কিৰণ নাথে কিশোৰীগৰাকীৰ ঘৰলৈ গৈ বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যাব বিচাৰোতেই পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজৰ তৎপৰতাত কিশোৰীগৰাকী ৰক্ষা পৰে।

অৱশেষত সোমবাৰে নিশা কিশোৰীগৰাকীৰ মাতৃ আৰু পৰিয়ালৰ লোকে দেৰগাঁও আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত অৱগত কৰিবলৈ অহাৰ সময়ত ডিএছপি কিৰণ নাথৰ পত্নীয়ে আৰক্ষীক ঘটনাটো নজনাবলৈ টনা- আজোঁৰা কৰি ভিতী প্ৰদৰ্শন কৰে বুলি উল্লেখ কৰে। ইয়াৰ ফলত দেৰগাঁও থানা চৌহদৰ ভিতৰত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

পাছত দেৰগাঁও আৰক্ষী থানাত পৰিয়ালৰ লোকে অভিযুক্তক উচিত শাস্তি প্ৰদান কৰি কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ এখন এজাহাৰ দাখিল কৰে। আজি সেই এজাহাৰ ভিত্তিতে গোলাঘাটৰ আৰক্ষীয়ে ডিএছপি কিৰণ চন্দ্ৰ নাথক প্ৰথমে আটক কৰি দুঘণ্টা জেৰা কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰে।

ৰক্ষকে ভক্ষক ! আৰক্ষী বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগ
আকাশবাণীৰ সঞ্চালকপ্ৰধান পদত অসম কন্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in