মেৰাপানী টাউন হাইস্কুলত দুৰ্বৃত্তৰ তাণ্ডৱঃ নিশা লণ্ডভণ্ড কৰিলে বিদ্যালয়ৰ সামগ্ৰী

মেৰাপানী টাউন হাইস্কুলত দুৰ্বৃত্তৰ তাণ্ডৱঃ নিশা লণ্ডভণ্ড কৰিলে বিদ্যালয়ৰ সামগ্ৰী

author-image
Asomiya Pratidin
New Update
মেৰাপানী টাউন হাইস্কুলত দুৰ্বৃত্তৰ তাণ্ডৱঃ নিশা লণ্ডভণ্ড কৰিলে বিদ্যালয়ৰ সামগ্ৰী

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত তথা মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত মেৰাপানী টাউন হাইস্কুলত বুধবাৰৰ নিশা কোনো দুষ্কৃতিকাৰীয়ে বিদ্যালয়ৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰে। দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনৰ বিভিন্ন আচবাব ভাঙি লণ্ডভণ্ড কৰে।

Advertisment

এই সন্দৰ্ভত মেৰাপানী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক নগেন বৰাই জানিবলৈ দিয়া মতে, নিশা মেৰাপানী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানৰ সুবিধা লৈ একাংশ দুস্কৃতিকাৰীয়ে বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰে। দুস্কৃতিকাৰীয়ে প্ৰথমে খিৰিকী ভাঙি দশম শ্ৰেণীৰ দুটা কোঠাত সোমাই ছাত্ৰ-ছাত্ৰীৰ বহা বেঞ্চ-ডেক্স ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিদ্যালয়খনৰ ৮খনকৈ চিলিং ফেন ভাঙি ক্ষতিগ্ৰস্ত কৰে।

ঘটনাৰ সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানত কোনো বিকৃত মানসিকতাৰ ব্যক্তিয়েহে এনে দুষ্কাৰ্য কৰিব পাৰে বুলি কৈ তীব্ৰ গৰিহণা দিয়ে। উল্লেখ্য ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

Also Read: সোণোৱালৰ উপস্থিতিত দক্ষিণ ভাৰতৰ এন ডি এৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

education department of assam