Advertisment

ড° ৰঞ্জিত বৰুৱাৰ ৫ বছৰীয়া সাধনাঃ প্ৰস্তুত কৰি উলিয়ালে গুৰুজনাৰ আৰ্হিমূলক বৃন্দাৱনী বস্ত্ৰ

ড° ৰঞ্জিত বৰুৱাৰ ৫ বছৰীয়া সাধনাঃ প্ৰস্তুত কৰি উলিয়ালে গুৰুজনাৰ আৰ্হিমূলক বৃন্দাৱনী বস্ত্ৰ

author-image
Asomiya Pratidin
New Update
ড° ৰঞ্জিত বৰুৱাৰ ৫ বছৰীয়া সাধনাঃ প্ৰস্তুত কৰি উলিয়ালে গুৰুজনাৰ আৰ্হিমূলক বৃন্দাৱনী বস্ত্ৰ

ডিজিটেল সংবাদ,বেকাজানঃ সুদীৰ্ঘ পাঁচ বছৰ সাধনা আৰু পৰিশ্ৰমৰে বিশিষ্ট চিত্ৰ ভাস্কৰ্যশিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত কুমাৰ বৰুৱাই প্ৰস্তুত কৰি উলিয়াইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰ্হিমূলক বৃন্দাৱনী বস্ত্ৰখন।

Advertisment

আজি তিতাবৰ মাজগাঁওস্থিত শ্ৰীশ্ৰী কাংসপাৰ বৰঠাই সত্ৰ আৰু সুকুমাৰ কলা পৰিষদ অসম যোৰহাটৰ উদ্যোগত কাংসপাৰ বৰঠাই সত্ৰৰ প্ৰাংগনত বিশিষ্ট চিত্ৰ ভাস্কৰ্যশিল্পী ড° ৰঞ্জিত কুমাৰ বৰুৱাই প্ৰস্তুত কৰা আৰ্হিমূলক বৃন্দাৱনী বস্ত্ৰখন ভক্ত বৈষ্ণৱ ৰাইজৰ বাবে প্ৰৰ্দশিত হয়।

এই উপলক্ষে আজি পুৱা ১০ বজাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বৰুৱাৰ বস্ত্ৰখন তিতাবৰ তিনিআলিৰ পৰা গায়ন-বায়নেৰে আদৰি নি সত্ৰৰ বাটচৰাত সত্ৰাধিকাৰ ঈশ্বৰকান্ত দেৱ মহন্তক অৰ্পণ কৰে।

বস্ত্ৰখন সত্ৰীয়া পৰম্পৰাৰে সত্ৰাধিকাৰে নামঘৰলৈ আদৰি নিয়ে। ইয়াৰ পিছতেই অনুষ্ঠানৰ লগত সংগতি ৰাখি সত্ৰৰ সেৱক তথা তিতাবৰ সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি হেমকান্ত মহন্তৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি প্ৰয়াত ব্যক্তি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ ঈশ্বৰকান্ত দেৱ মহন্তই।

সাংবাদিক পবিত্ৰ মহন্তই আঁতধৰা অনুষ্ঠানত সুকুমাৰ কলা পৰিষদ অসম যোৰহাটৰ তৰফৰ পৰা ক্ৰমে অসমৰ সঞ্চালক ড° মন্টুমণি দত্ত,অৰুণ বৰুৱা,সচিৱ পৰাণ দত্ত আৰু মৃদুপৱণ বৰাই সত্ৰাধিকাৰ প্ৰমুখ্যে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনায়।

বস্ত্ৰভাগি প্ৰস্তুত কৰ্তা ড° বৰুৱাৰ পৰিয়ালৰ তৰফৰ পৰা চেলেং,গামোছাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানতেই সত্ৰৰ তৰফৰ পৰা ড° ৰঞ্জিত বৰুৱাক গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত ক্ৰমে শ্ৰীশ্ৰী পুৰণি মাটি মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ বিবেগানন্দ গোস্বামী, সৰু ঠাই নগৰীয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰফুল্ল গোস্বামী, ডেকা সত্ৰীয়া মাণিক মহন্ত,বগীআই সত্ৰৰ ডেকা সত্ৰীয়া যাদৱ মহন্ত,কমলা বাৰী সত্ৰৰ তৰুণ বৰবায়ন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰদীপ বৰাৰ,চিত্ৰ ভাস্কৰ্য শিল্পী ভৃগুপতি হাজৰিকাৰ, বিশিষ্ট ব্যক্তি উপেন বৰুৱা প্ৰমুখ্যে কমলাবাৰী সত্ৰৰ বুঢ়া ভকত তথা সত্ৰ মহাসভাৰ তিতাবৰৰ প্ৰাক্তন সভাপতি সোনাৰাম শৰ্মাই অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ড° বৰুৱাই প্ৰজেক্টৰ মাধ্যমেৰে বৃন্দাৱনী বস্ত্ৰ বেলেগ বেলেগ খণ্ডবস্ত্ৰৰ সহজভাৱে ৰাইজে বুজিব পৰাকৈ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতেই গায়ন বায়ন,আয়তীৰ উৰুলিৰে সত্ৰধিকাৰ ঈশ্বৰকান্ত দেৱ মহন্তই আৰ্হি বস্ত্ৰখন দৰ্শকৰ বাবে প্ৰৰ্দশনী দ্বাৰ মুকলি কৰে। গুৰুজনাৰ আৰ্হি বৃন্দাবনী বস্ত্ৰভাগ চাই ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।

Also Read: কাকীত অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ ৫ম পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহ সভা

ranjit baruah brindawani bastra