/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b4daffd9-15c0-49a8-aac6-423367614c62/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত প্ৰধানমন্ত্ৰী আবাস গৃহ নিমাৰ্ণত ব্যাপক অনিয়মৰ অভিযোগ। টকা নিদিলে পঞ্চায়ত প্ৰতিনিধিয়ে কাম নকৰে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। হিতাধিকাৰীৰ পৰা ২হাজাৰ টকাকৈ ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে। যাৰ বাবে প্ৰতিবাদ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে গাওঁবাসীয়ে।
উল্লেক্য যে, গমাৰিগুৰি উন্নয়ণ খণ্ডৰ অন্তৰ্গত মেৰাপানীৰ কাছমাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস গৃহ আৱণ্টনৰ নামত সংঘটিত হৈছে ধন সংগ্ৰহৰ ঘটনা। কাছমাৰী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জুনু গগৈয়ে হিতাধিকাৰীৰ পৰা ২হাজাৰ কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ গাঁওবাসীৰ। ৱাৰ্ড সদস্যাগৰাকীৰ বিৰুদ্ধে গাওঁবাসীয়ে দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰে। কিন্তু এখনো সভাত ৱাৰ্ড সদস্যা জুনু গগৈ উপস্থিত নাথাকে বুলি জানিবলৈ দিয়ে।
যাৰ বাবে খং আৰু ক্ষোভত গাওঁবাসীয়ে পদপথতে সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখযোগ্য যে, জুনু গগৈয়ে হিতাধীকাৰীক উন্নয়নৰ নামত প্ৰদান কৰা বিভিন্ন আচঁনিৰ পৰা ৰাজহুৱা ধন আত্মহাৎ কৰি আহিছে। গাওঁবাসীৰ প্ৰশ্ন-মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো কৰেপ নকৰি বাৰ্ড সদস্যা জুনু গগৈয়ে। দৰিদ্ৰ পৰিয়ালৰ বাবে আৱণ্টিত আঁচনিৰ নামত উৎকোচ গ্ৰহণ কৰা ৱাৰ্ড সদস্যা জুনু গগৈৰ বিৰুদ্ধে বিভাৰ্গীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।
Also Read: এছিয়ান গেমছত জয়ছোৱালৰ শতকেৰে ছেমি ফাইনেললৈ ভাৰতীয় ক্ৰিকেটৰ দল