/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f6073911-6160-46dc-8274-ce5df5e61b39/kjk.jpg)
অভিযুক্ত
ডিজিটেল সংবাদ, মেৰাপানীঃ ভতিজাকৰ কোঠাৰ ঘাপত প্ৰাণ গ'ল পেহাকৰ। চিকিৎসাধীন অৱস্থাত যোৰহাট মেডিকেল কলেজত প্ৰাণ হেৰুৱাই শংকৰ দাসে। মেৰাপানীৰ নলনীপথাৰ নাহৰণিত গাঁৱত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে শংকৰ দাসে ১৮ ডিচেম্বৰৰ সন্ধ্যা দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত নিজ ঘৰৰ পদুলিতে ভতিজাকে আক্ৰমণ কৰে। অভিযোগ অনুসৰি ভতিজাক ৰাজীৱ দাস নামৰ ব্যক্তিজনে কুঠাৰেৰে প্ৰহাৰ কৰাৰ ফলত থিতাতে ঢলি পৰে শংকৰ দাস।
ইয়াৰ পাছতেই সংকট জনক অৱস্থাত মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।কিন্তু মঙলবাৰে নিশাই মৃত্যুক সাৱতি লয় শংকৰ দাসে।
ইফালে ঘটনা সংঘটিত কৰিয়েই ৰাজীৱ দাসে মেৰাপানী আৰক্ষী থানাত হাজিৰ হয়। কি কাৰণে এই কাণ্ড তেওঁ সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: '' যুক্তিসংগত দাবী কৰা সাংসদসকলক নিলম্বন কৰা হৈছে, গণতন্ত্ৰৰ শ্বাসৰুদ্ধ কৰিছে এই চৰকাৰে''
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us