'' যুক্তিসংগত দাবী কৰা সাংসদসকলক নিলম্বন কৰা হৈছে, গণতন্ত্ৰৰ শ্বাসৰুদ্ধ কৰিছে এই চৰকাৰে''

'' যুক্তিসংগত দাবী কৰা সাংসদসকলক নিলম্বন কৰা হৈছে, গণতন্ত্ৰৰ শ্বাসৰুদ্ধ কৰিছে এই চৰকাৰে''

ডিজিটেল ডেস্কঃ সদনৰ পৰা ১৪১ গৰাকী সাংসদক নিলম্বন কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লোকসভাত। এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে, যিসকলে সংসদত "সম্পূৰ্ণ যুক্তিসঙ্গত আৰু বৈধ দাবী" উত্থাপন কৰিছিল তেওঁলোকৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰি, "এই চৰকাৰে গণতন্ত্ৰক শ্বাসৰুদ্ধ কৰিছে"। ছোনিয়া গান্ধীয়ে বুধবাৰে কংগ্ৰেছৰ সংসদীয় বৈঠকত এই মন্তব্য প্ৰদান কৰে।

তেওঁ কয় যে, চৰকাৰে গণতন্ত্ৰৰ শ্বাসৰুদ্ধ কৰিছে। ইয়াৰ পূৰ্বে কেতিয়াও ইমান সংখ্যক বিৰোধী নেতাক সদনৰ পৰা নিলম্বন কৰা হোৱা নাছিল। এইবাৰ এনে সাংসদসকলক নিলম্বন কৰিছে যিয়ে যুক্তিসংগত দাবী উত্থাপন কৰিছিল।

তেওঁ কয় যে, বিৰোধী সাংসদ সকলে দাবী কৰিছিল যে ১৩ ডিচেম্বৰত সংঘটিত হোৱা অপৰাধমূলক ঘটনাৰ ওপৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে বক্তব্য প্ৰদান কৰা। কিন্তু ইয়াৰ বাবেই এই সাংসদ সকলক নিলম্বন কৰা হয়।

উল্লেখ্য যে, ১৩ ডিচেম্বৰত লোকসভাৰ অধিৱেশন চলি থকাৰ মাজত দুজন যুৱক দৰ্শকৰ গেলাৰীৰ পৰা জঁপিয়াই পৰিছিল। তাৰ পাছতে তেওঁলোকে এটা ধোঁৱা এৰি দিছিল সদনৰ ভিতৰত। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিৰোধীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিক শ্বাহৰ মন্তব্য দাবী কৰি আহিছে।

'' যুক্তিসংগত দাবী কৰা সাংসদসকলক নিলম্বন কৰা হৈছে, গণতন্ত্ৰৰ শ্বাসৰুদ্ধ কৰিছে এই চৰকাৰে''
প্ৰণৱ জ্যোতি ডেকালৈ সাহিত্য অকাডেমী!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in