মেৰাপানীত জব্দ কেইবা লক্ষাধিক টকাৰ অবৈধ সুৰা...

মেৰাপানীত জব্দ কেইবা লক্ষাধিক টকাৰ অবৈধ সুৰা

author-image
Asomiya Pratidin
New Update
মেৰাপানীত জব্দ কেইবা লক্ষাধিক টকাৰ অবৈধ সুৰা...

ডিজিটেল সংবাদ, মেৰাপানীঃ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰে নাগালেণ্ডলৈ অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ। আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধুলি দি এটা বিয়াগোম চক্ৰই দৈনিক নাগালেণ্ডলৈ ট্ৰাকে ট্ৰাকে অবৈধ বিলাতী সুৰা প্ৰেৰণ কৰি আহিছে।

Advertisment

শনিবাৰে মেৰাপানীৰ মজগুৰিত এনে অবৈধ সুৰাভৰ্তি এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা মেৰাপানী সীমান্তয়েদি নাগালেণ্ডলৈ গোপনে সৰবৰাহৰ চেষ্টা চলাওঁতেই জব্দ কৰে বাহনখন। কেইবা লক্ষাধিক টকা মূল্যৰ বিলাতী সুৰাসমূহ কঢ়িয়াই অনা ট্ৰাকখনৰ নম্বৰ AS01QC9630।

জানিব পৰা মতে কামৰূপ জিলাৰ মালিগাঁৱৰ পৰা ট্ৰাকখনত অনা হৈছিল অবৈধ সুৰাখিনি। প্ৰায় ১৫০০ কাৰ্টন অবৈধ সুৰা সুৰানিষিদ্ধ ৰাজ্য নাগালেণ্ডলৈ কি পৰিস্থিতিত প্ৰেৰণ কৰা হৈছিল তাক লৈও এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। ইফালে মেৰাপানী সীমান্তত অবৈধ সুৰাৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আবকাৰী বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে সৰ্বত্ৰে।

Also Read: দখলাৰ কলিতাপাৰাত ৰাজহুৱা হোম যজ্ঞ

merapani