/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/11/CRIME-22.jpg)
মেৰাপানীত সংঘটিত জঘন্য ঘটনাঃ স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰিলে পত্নীক...
মেৰাপানীত সংঘটিত জঘন্য ঘটনা।
নিজ স্বামীয়ে চোকা অস্ত্ৰৰে আঘাট কৰিলে পত্নীক।
আঘাতপ্ৰাপ্ত পত্নীক সংকট জনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
মেৰাপানী পদ্মপুৰৰ দেবেশ্বৰ দাস নামৰ ব্যক্তিজনে সংঘটিত কৰিছে এই কাণ্ড।
চোকা অস্ত্ৰৰে দেহৰ কেইবা ঠাইত আঘাত কৰাৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে চেনেহী দাস নামৰ মহিলাগৰাকী।
প্ৰাপ্ত তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে আটক কৰিছে দেবেশ্বৰ দাসক।
Also Read: প্ৰধান শিক্ষক শৰৎ লিকচনৰ অসৎ কৰ্মঃ শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী...