প্ৰধান শিক্ষক শৰৎ লিকচনৰ অসৎ কৰ্মঃ শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী...

প্ৰধান শিক্ষক শৰৎ লিকচনৰ অসৎ কৰ্মঃ শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী...
প্ৰধান শিক্ষক শৰৎ লিকচনৰ অসৎ কৰ্মঃ শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী...

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিৱসাগৰ বাকচু খেলুৱা গাঁৱত শৰৎ লিকচন নামৰ প্ৰধান শিক্ষক জনে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ গোপন অংগত কেইবাদিনো স্পৰ্শ কৰি নিৰ্যাতন চলাই আহিছিল।

বুধবাৰেও ছাত্ৰীগৰাকীৰ গোপন অংগত স্পৰ্শ কৰি আতিশয্য চলাই শৰৎ লিকচনে। এই গুৰুতৰ অভিযোগ ছাত্ৰীগৰাকীৰ পিতৃ মাতৃৰ । অভিযোগ অনুসৰি শৰৎ লিকচনে হৰণ অংক বুজোৱাৰ চলেৰে ছাত্ৰীগৰাকীৰ গোপন অংগত স্পৰ্শ কৰে ।

অতিষ্ঠ হৈ পৰা ছাত্ৰীগৰাকীয়ে শিক্ষকজনক উভতি ধৰে যদিও ভয় ভাবুকি দি তেওঁ বিষয়টো গাপ দিয়াৰ চেষ্টা চলায়। ছাত্ৰীগৰাকীয়ে কেইবাবাৰো শৰৎ লিকচনৰ এনে অসৎ আচৰণৰ সন্মুখীন হোৱাত ঘৰত গৈ উচুপি উচুপি কান্দি থাকোঁতেই সমস্ত কুকৰ্ম পোহৰলৈ আহে।

পিতৃয়ে কন্যাই কান্দি থকা প্ৰত্যক্ষ কৰি সোধা পোছা কৰাত শৰৎ লিকচনে চলাই অহা কুকৰ্মৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে খং-ক্ষোভত ফাটি পৰা পিতৃয়ে  শৰৎ লিকচনলৈ ফোন কৰাত "বেছি নাই কৰা, অলপহে, মেনেজ কৰিম" আদি ধৰণৰ বাক্য কোৱাত একপ্ৰকাৰৰ স্পষ্ট হৈ পৰে প্ৰধান শিক্ষকৰ জঘন্য কাণ্ড।

ইয়াৰ পিছতে পিতৃ মাতৃয়ে শৰৎ লিকচনৰ বিৰুদ্ধে চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে শৰৎ লিকচনক বিচাৰি অভিযান চলাই যদিও তেওঁ ঘৰৰ পৰা পলায়ন কৰে।

ইপিনে প্ৰধান শিক্ষকৰ জঘন্য কাণ্ড পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে শীঘ্ৰেই শৰৎ লিকচনক গ্ৰেপ্তাৰৰ দাবী জনাইছে। আজি পুৱাই একাংশ ৰাইজ বিদ্যালয়খনত উপস্থিত হয়গৈ যদিও শিক্ষক শৰৎ লিকচনক বিদ্যালয়ত বিচাৰি নেপালে।

জ্বৰ আৰু মোৰ কামুৰণি হোৱা বুলি বিদ্যালয়ত দৰ্খাস্ত দি থৈ যায় শৰৎ লিকচনৰ পত্নীয়ে৷  প্ৰধান শিক্ষক শৰৎ লিকচনে শ্ৰেণী কোঠাত অশ্লীল কথা বতৰা পতা প্ৰমাণো আছে বুলি একাংশই স্পষ্ট কৰি দিছে।

প্ৰধান শিক্ষক শৰৎ লিকচনৰ অসৎ কৰ্মঃ শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী...
সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in