/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/dccae4a1-5e30-42be-a986-eb66a41d726c/206.jpg)
ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানীত ডেংগুৱে লৈছে ভয়াৱহ ৰূপ। একেখন গাঁৱৰে ৫জনকৈ লোক আক্ৰান্ত হৈছে এই মহামাৰী ৰোগত। মেৰাপানীৰ ২নং ওপৰ তৰাণিত দ্ৰুত হাৰত বৃদ্ধি পাইছে ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ।
গাঁৱখন ৫জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আক্ৰান্ত ৪গৰাকীক যোৰহাট আৰু গোলাঘাটৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু এজন নিজ গৃহত চিকিৎসাধীন হৈ আছে।
উল্লেখযোগ্য যে ৰোগাক্ৰান্ত অঞ্চলটোত স্বাস্থ্য বিভাগে উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে একেখন গাঁৱৰে উক্ত লোককেইজন ডেংগুত আক্ৰান্ত হোৱাত স্থানীয় ৰাইজে অতি সোনকালে স্বাস্থ্য বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।
Also Read: ঝুমুৰৰ তালে-তালে আনন্দ-উল্লাসত মতলিয়া জামুগুৰিহাটৰ চাহ শ্ৰমিক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us