ঝুমুৰৰ তালে-তালে আনন্দ-উল্লাসত মতলিয়া জামুগুৰিহাটৰ চাহ শ্ৰমিক

জামুগুৰিহাটৰ মংগলবৰীয়াত কৰম পূজা উপলক্ষ্যে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়
ঝুমুৰৰ তালে-তালে আনন্দ-উল্লাসত মতলিয়া জামুগুৰিহাটৰ চাহ শ্ৰমিক

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ মংগলবৰীয়াত কৰম পূজা উপলক্ষ্যে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। আদিবাসী ছাত্ৰ সন্থা নদুৱাৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷

আনহাতে পৱিত্ৰ কৰম উৎসৱ উপলক্ষে চৰকাৰে বন্ধ ঘোষণা কাৰ্য্যৰ বাবে আদিবাসী ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰে। কৰম উৎসৱৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰে শোণিতপুৰ জিলাৰ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি অমৰজিৎ কেৰকেটাই ৷

অনুষ্ঠানটিৰ আঁত ধৰে উলছন লঘুনে । কৰম উৎসৱৰ অনুষ্ঠানটিত আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰা, উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দীপক নেৱাৰ,সমাজকৰ্মী প্ৰবীণ দাসৰ লগতে চাহ শ্ৰমিক ৰাইজে অংশগ্ৰহণ কৰে ৷ শিল্পী সকলে পৰিবেশন কৰা ঝুমুৰ নাচ আৰু মাদলৰ তালে তালে নাচি বাগি চাহ শ্ৰমিকসকলে আনন্দ উল্লাসত মতলিয়া হৈ পৰা দেখা যায় ৷

ঝুমুৰৰ তালে-তালে আনন্দ-উল্লাসত মতলিয়া জামুগুৰিহাটৰ চাহ শ্ৰমিক
গহপুৰৰ নামঘৰত চুৰিকাণ্ড : লুটি নিলে বাচন-বৰ্তন,সা-সমগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in