আঁচনিৰ নামত বিজেপি কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ ..

আঁচনিৰ নামত বিজেপি কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ ..

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ চৰ কাঠদাঙাত অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিম বুলি বিজেপি কৰ্মীয়ে একাংশৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভিতৰুৱা চৰাঞ্চলৰ দৰিদ্ৰ সহজ সৰল শতাধিক মহিলাৰ পৰা বিজেপি নেতা ইব্ৰাহিম আলীৰ বিৰুদ্ধে ২০০০ কৈ টকা উৎকোচ লোৱাৰ অভিযোগ উঠিছে।

বিজেপি নেতাজনৰ সৈতে একেলগে কাম কৰা আহমেদ আলী নামৰ বিজেপি কৰ্মী জনে ইব্ৰাহিম আলী নামৰ বিজেপি নেতাজনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ স্বীকাৰোক্তি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিজেপি চৰকাৰে দিয়া আঁচনি সমূহ চৰাঞ্চলৰ সহজ-সৰল লোকক দিয়াৰ নামত একাংশ বিজেপি কৰ্মীয়ে এইদৰে মহিলা সকলৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। উল্লেখ্য যে, বিজেপি নেতা ইব্ৰাহিম আলীয়ে এগৰাকী অন্ধ যুৱতীৰ পৰাও অৰুণোদয় আঁচনিৰ নামত ধন উৎকোচ সংগ্ৰহ কৰিছে।

বিগত প্ৰায় দুবছৰ পূৰ্বে ইব্ৰাহিম আলীয়ে এইদৰে সহজ সৰল লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ পাচতো এইসকল মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই। এনে নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থ গ্ৰহণ কৰাৰ লগতে দৰিদ্ৰ মহিলা সকলৰ ধন ঘুৰাই দিবলৈ সচেতন মহলে দাবী কৰিছে।

আঁচনিৰ নামত বিজেপি কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ ..
নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি মোহভংগ নে দায়িত্বহীনতা? হ্ৰাস পাইছে ভোট দানৰ হাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in