/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d0db451d-66c5-4259-a8b0-cf2ee19b3cf2/WEB_THUM_new_dimpul_copy.jpg)
মেৰাপানী সীমান্তত চি আৰ পি এফে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক।
দেওবাৰে বিয়লি মেৰাপানীৰ পৰা বৰহোলালৈ এএছ০৫ইউ৩৯৫৮ নম্বৰৰ এখন মাৰুটি এক্সপেছ' বাহনেৰে ড্ৰাগছ নি থকা অৱস্থাত ১৪২ নং চি আৰ পি এফে খেদি খেদি ৪নং তৰাণিৰ চাৰিআলিত জব্দ কৰে বাহনখন।
এজন যুৱকসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় চি আৰ পি এফ।
ধৃত যুৱকজনৰ পৰা ৪পেকেট হিৰ'ইন আৰু চিৰিঞ্জ জব্দ কৰি মেৰাপানী আৰক্ষীক গতাই দিয়ে।
ধৃত যুৱকজনৰ নাম চালাম উদ্দিন আহমেদ আৰু যুৱকজনৰ ঘৰ মেৰাপানীৰ ভেলৌগুৰিত বুলি চি আৰ পি এফে জানিবলৈ দিয়ে।
Also Read: মায়ঙৰ গৰুমৰাত নৃশংস হত্যাকাণ্ড