সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকৰ্মী সংস্থাৰ সাধাৰণ সভা...

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালায়ৰ সভাকক্ষত বৃহস্পতিবাৰে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকৰ্মী সংস্থা, গোলাঘাট জিলা সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকৰ্মী সংস্থাৰ সাধাৰণ সভা...

সাধাৰণ সভা

প্ৰতিদিন সংবাদ, গোলাঘাটঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালায়ৰ সভাকক্ষত বৃহস্পতিবাৰে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকৰ্মী সংস্থা, গোলাঘাট জিলা সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। বিভিন্ন সময়ত প্ৰাপ্য অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি অহা অস্থায়ী কৰ্মীসকলৰ সৈতে অহা ৩০ মে’ত গুৱাহাটী সঞ্চালয়কালয়ত এক আলোচনাৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে ।

Advertisment
সাধাৰণ সভা
সাধাৰণ সভা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অস্থায়ী স্বাস্থ্যকৰ্মীসকলে লাভ কৰিছে আলোচনাৰ বাবে নিমন্ত্ৰণ । সেয়েহে গোলাঘাটৰ অস্থায়ী স্বাস্থ্যকৰ্মী সংস্থাই আজিৰ এই সন্দৰ্ভত আলোচনা কৰাৰ বাবেই এই সাধাৰণ সভাখন অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকৰ্মী সংস্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক বাবুল দাসে

Also Read: আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছিল পিতৃৰ, কন্যাৰ ফলাফলে জাজৰিলৈ আনিলে গৌৰৱ...

Health Workers Association