গোলাঘাটত ভয়াৱহ অগ্নিকাণ্ড : ভষ্মীভূত অংগনবাদী কেন্দ্ৰৰ লগতে বাসগৃহ

গোলাঘাটত ভয়াৱহ অগ্নিকাণ্ড : ভষ্মীভূত অংগনবাদী কেন্দ্ৰৰ লগতে বাসগৃহ

author-image
Asomiya Pratidin
New Update
গোলাঘাটত ভয়াৱহ অগ্নিকাণ্ড : ভষ্মীভূত অংগনবাদী কেন্দ্ৰৰ লগতে বাসগৃহ

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট নগৰৰ চানমাৰীতৰ ১০ নং ৱাৰ্ডত অগ্নিকাণ্ড। বৃহস্পতিবাৰে সংঘটিত অগ্নিকাণ্ডৰ ফলত দুটা বাসগৃহ ভস্মীভূত হয়।

Advertisment

জানিব পৰা অনুসৰি বাবা নায়ক নামৰ লোকজনৰ বাসভৱনটো সন্ধিয়া হঠাতে দপদপকৈ জ্বলি উঠে আৰু পলকতে একেটা চৌহদত থকা এটা অংগনবাড়ী কেন্দ্ৰ জ্বলি উঠে। দুয়োটা ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাত বাসগৃহটোৰ সকলো সম্পত্তি আৰু অংগনবাড়ী কেন্দ্ৰটোৰ সকলো আচবাব, নথি-পত্ৰ জুইত জাহ যায়।

ইফালে ঘটনাৰ কিছুসময় পিচতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

Also Read: দেৰগাঁৱত মেধাৱী ছাত্ৰীৰ আত্মহত্যা : উদ্ধাৰ চুইচাইড নোট

fire