/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/39838408-3efa-4eef-948a-670c88979173/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ কণমানি পোৱালিসহ চাহ বাগিচাত হাতীৰ মুক্ত বিচৰণ। কাজিৰঙা অথবা নুমলীগড় নহয় মৰঙি চাহ বাগিচাতহে কাজিৰঙা সদৃশ পৰিৱেশ দেখিবলৈ পাইছে স্থানীয় ৰাইজে। নুমলীগড়ৰ চাহ বাগিচাসমূহত প্ৰায়ে এতিয়া দেখিবলৈ পোৱা যায় এই দৃশ্য।
প্ৰায় ৭০জনীয়া হাতীৰ জাক এটাই কেইবাটাও ভাগত বিভক্ত হৈ নিতৌ এখন চাহবাগিচাৰ পৰা আন এখন বাগিচালৈ ঢাপলি মেলে। অৱশ্যে হাতীৰ জাকৰ বাবে চাহ শ্ৰমিকসকলৰ কাম কৰাত অসুবিধা হৈছে যদিও উপায়হীন স্থানীয়। দিনত শান্ত হৈ বাগিচাত বিচৰণ কৰা হাতীৰ জাকে নিশাৰ সমীপৰ অঞ্চলসমূহৰ বাৰী-ঘৰ ক্ষতি কৰাত বিপদত পৰিছে সাধাৰণ ৰাইজ ।
Also Read: অসম নাগৰিক সমাজৰ ভাৰত জোড়ো অভিযান