/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
অগ্ৰণী খবৰ
ডিজিটেল ডেস্কঃ অহা ২৪ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিবৰ্তন। উক্ত দিনা পুৱা ১০:৩০ বজাত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। এই কথা জনালে অসম নাগৰিক সমাজৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰে।
এক প্ৰেছ বিবৃতিযোগে এই অভিযানৰ মূল উদ্দেশ্য সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ পুনৰুদ্ধাৰ বুলি জানিবলৈ দিয়ে অসম নাগৰিক সমাজে। অভিবৰ্তনত এইবোৰ সন্দৰ্ভত বিভিন্ন কথা আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, বিভিন্ন দল আৰু সংগঠনৰ কেইবাশও প্রতিনিধিয়ে অংশ গ্ৰহণ কৰিব লগীয়া অভিবৰ্তনত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইয়ে অভিবৰ্তনখন উদ্বোধন কৰিব আৰু ভাৰত জোড়ো অভিযানৰ কেন্দ্ৰীয় নেতৃত্বৰ হৈ যোগেন্দ্ৰ যাদৱ আৰু অভীক সাহাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব।
Also Read: ঔদ্যোগিক বিকাশৰ লক্ষ্যঃ ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীৰে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি