/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ba8b3ee2-3faf-4691-83bb-1b9d13fd0600/FARMERS_26.jpg)
দৈয়াং নদীৰ পাৰত কৃষি বিপ্লৱ ৫ যুৱকৰঃ আদৰ্শ হ'ব পাৰে বহুজনৰ...
ডিজিটেল সংবাদ গোলাঘাটঃ চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি কৃষিবিভাগৰ পৰা কোনো সহায় নিবিচাৰি গোলাঘাটৰ নোগোৰাগাঁৱৰ পাঁচজন যুৱকে দেখুৱাইছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন। পাঁচোজন যুৱক একত্ৰিত হৈ কৰা ৰঙালাও খেতিৰ ফচল চিঙি প্ৰতি কিলোগ্ৰামত ১৩ ৰ পৰা ১৫ টাকাকৈ দৰত গুৱাহাটী, মৰিগাওঁ, তিনিচুকীয়া আদিলৈ প্ৰেৰণ কৰিছে।
কৃষিক্ষেত্ৰক স্বাৱলম্বীতাৰ পথ হিচাপে বাচি লোৱা যুৱক কেইজন এখন বাহনত ১২ ৰ পৰা ১৫ টনতৈ ৰঙালাও লোড কৰি এতিয়ালৈকে মুঠ ৪ বাৰ প্ৰেৰণ কৰিছে। এতিয়াও কৃষি পথাৰত আছে তেনে প্ৰায় ৭ গাড়ী ৰঙালাও। সেই হিচাপত এই যুৱক কেইজনে আৰু ১০৫ টন ৰঙালাও প্ৰেৰণ কৰিব পাৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/94586966-431d-457b-9f1d-5d6c32c97aee/2f43bd7e_0d32_40be_a816_3a9a1ad77962.jpg)
'একটাৰ বল'ৰ এক স্পষ্ট উদাহৰণ দাঙিধৰি নোগোৰাৰ সোণতি বৰা, ৰিতুপন হাজৰিকা ওৰফে ধন, বাবু ভূঞা, প্ৰাণদ্বীপ দত্ত ওৰফে পিংকু আৰু যদু টংলাই আন লোকৰ মাটি প্ৰতি বিঘাত ১৫০০ পৰা ২০০০ ৰ টকা দি লিজত লৈ মুঠ ৮৪ বিঘাত তিনিমহীয়া ৰঙলাও খেতিকৰাৰ সিদ্ধান্ত লয় ৷
সেই কথামতেই কাম। তেওঁলোকে মুঠ তিনিখন ট্ৰেক্টৰ খেতি পথাৰত নমাই দিনে নিশাই হালবাই ৮৪ বিঘা মাটি চহ কৰিলে ৷ চাকাটা ভীমা নামৰ এটা উন্নত প্ৰজাতিৰ ১ কেজি ৰঙলাও গুটিত ১১ হেজাৰ টকাকৈ ১৭ কিলোগ্ৰাম গুটি কিনি আনি ভাদমাহত আৰম্ভ কৰিলে খেতি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/612d9a42-f71d-47a6-8108-ae82e0957ef6/f51503db_f2c1_443f_a87a_fe5687390689.jpg)
প্ৰতিদিনে এই কৃষি ক্ষেত্ৰত ১০ জনৰো অধিক শ্ৰমিক নিয়োজিত কৰি তিনিমহীয়া এই খেতিত প্ৰায় চাৰিলাখ টকা খৰচ কৰিলে ৷ এলেকাটো বনৰীয়া হাতীৰ অন্যতম বিচৰণ স্থলী ৷ প্ৰতিদিনেই ইয়ালৈ হাতীৰ জাক আহে ৷
সেয়েহে এটা অস্থায়ী ঘৰ আৰু টঙীঘৰ সাজি তিনিমাহ দিনেৰাতি পাঁচোজনেই এই ৰঙলাওৰ খেতিৰ লগতেই থাকিব ধৰিলে। আৰু এতিয়া এওঁলোকৰ কষ্টৰ ফচল চিঙি ধন ঘটাৰ সময় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/535cd951-9242-45b6-af4f-015b285b2b4d/3f50e8e1_683e_4cbd_beae_8c3f7e708aa1.jpg)
কেউজনেই একোজন সফল কৃষক হোৱাৰ বাবে, যি খেটিয়েই কৰে তাতেই লাভ হয় ৷ এইবাৰ এওঁলোকে কৃষিবিভাগৰ পৰা ব্যক্তিগত হিচাপে পোৱা শৰিয়হ আৰু আলু খেতিও কৰিছে যদিও এই ৰঙলাও খেতি তেওঁলোকে কাৰো সহায় নোলোৱাকৈ কৰি এপাৰ্টৰ সহযোগত বিক্ৰী কৰিছে ৷
এওঁলোকে নৱপ্ৰজন্মক কৃষিৰ দিহাও দিয়ে ৷ পৰৱৰ্তীসময়ত এওঁলোকে চিৰাল, ষ্ট্ৰবেৰী আৰু তৰমুজৰ খেতিৰ বাবে মন মেলিছে ৷ কৃষিৰ দিহা আৰু কমমূল্যত ফচল পাবৰ বাবে এওলোকে 8038799130 আৰু 7002551836 নম্বৰত ফোন কৰিবৰ বাবে আহ্বান জনাইছে ৷
Also Read: মহম্মদ ছামিৰ মহানুভৱতাঃ নাইনিতালত উদ্ধাৰ কৰিলে দুৰ্ঘটনাত পতিতক...