/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/85bf4a29-e361-4d7a-9d87-7df6a4d8625e/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, টেঙাখাতঃ ডিব্ৰুগড় জিলাৰ টেঙাখাত উইল্টনস্থিত ১৯ নং অসম আৰক্ষী (ভাৰতীয় সংৰক্ষিত) বাহিনীৰ মুখ্য কাৰ্যালয়ৰ খেলপথাৰত শনিবাৰে অসম চৰকাৰৰ নতুনকৈ গঠিত বন সুৰক্ষা কৰ্মী গোটৰ "দীক্ষান্ত পেৰেড সমাৰোহ"ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ১৮১ জনীয়া কেডাৰৰ সমূহীয়া প্ৰশিক্ষণৰ অন্তত এই সমাৰোহৰ আয়োজন কৰ্তৃপক্ষৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6f3c35aa-2ef3-420c-b266-576b1d3c89f8/072fcd24_f96b_47ce_82ae_b27d22fc3320.jpg)
পুৱা উল্লেখিত অনুষ্ঠানটি ১৯ নং অসম আৰক্ষী (ভাৰতীয় সংৰক্ষিত) বাহিনীৰ কমাণ্ডেণ্ট গায়ত্ৰী কোঁৱৰৰ তত্ত্বাৱধানত বিভিন্ন বিষয়া-কৰ্মীৰ সহযোগ তথা উপস্থিতিত খেলপথাৰত কেডাৰসকলৰ সমূহীয়া মাষ্ট-পাষ্টৰ অভিবাদন গ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ উপ-আৰক্ষী অধীক্ষক জিতমল দলেয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/814cba61-7ccc-4f07-8bde-f229cda97524/89e0e254_cc52_4012_b3db_6deaeb2c0d52.jpg)
অভিবাদন গ্ৰহণ কৰি তেওঁ বন সুৰক্ষা নতুন কেডাৰসকলক দায়িত্ব কৰ্তব্য অনুশাসন আদি সৰ্বদিশ সামৰি বিভিন্ন প্ৰজ্ঞাযুক্ত পৰামৰ্শৰে ভাষণ প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/08c0c307-277e-4d70-b1ab-ac9dbe12f698/7777d111_24ba_4450_883d_f66d1d005c78.jpg)
Also Read: নগাঁৱতো লোককল্যাণ দিৱসঃ আয়ুক্ত কাৰ্যালয়ৰ ২ কৰ্মচাৰীক লোকসেৱাৰ পুৰস্কাৰ