ফুলনি নগৰ বাছ আস্থানত মৃতদেহ উদ্ধাৰ

ফুলনি নগৰ বাছ আস্থানত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
ফুলনি নগৰ বাছ আস্থানত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰৰ সমীপৰ বাছ আস্থানত এটা মৃতদেহ উদ্ধাৰ হয়। জানিব পৰামতে ফুলনি নগৰৰ নিকটৱৰ্তী অঞ্চল শিমলুআটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা বাছ আস্থানত শুই থকা অৱস্থাত ডকমকাৰ ধনীৰাম ৰংফাৰ (৫৫) নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Advertisment

ঘটনাস্থলীত উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে । শুই থকা অৱস্থাতেই মৃতদেহ উদ্ধাৰ হোৱা উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Also Read: মৰ্ণিং ষ্টাৰ হাইস্কুলৰ শিক্ষকৰ শিক্ষাৰ্থীক শিক্ষাদানৰ অভিনৱ কৌশল

Assam police