নিশাৰ ভিতৰতে ফুলিল ভাগ্য! ১০০ টকাত বুবুল আলীয়ে লাভ কৰিলে বিলাসী গাড়ী

নিশাৰ ভিতৰতে ফুলিল ভাগ্য! ১০০ টকাত বুবুল আলীয়ে লাভ কৰিলে বিলাসী গাড়ী

ডিজিটেল ডেস্কঃ এশ টকাত এখন বিলাসী গাড়ী লাভ কৰি হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ’ল গোলাঘাটৰ এজন দৰিদ্ৰ  লোকৰ ৷ পেছাত এগৰাকী ৰং মিস্ত্ৰী হিচাপে কাম কৰা গোলাঘাটৰ বেঙেনাখোৱাৰ নিৰ্বাসী বুবুল আলিয়ে লাভ কৰিলে এখন বিলাসী MG Hector গাড়ী ৷

অত্যাধুনিক বিলাসী গাড়ীখন লাভ কৰি আনন্দত আত্মহাৰা বুবুল আলিৰ লগতে পৰিয়াল। সদায় চাইকেল চলাই ৰঙৰ কাম কৰি কথমপি পৰিয়ালটো পোহপাল দিয়া বুবুল আলিৰ ভাগ্য যেন নিশাটোৰ ভিতৰতে সলনি হ'ল।

উল্লেখ্য যে, ২১ জানুৱাৰীতগোলাঘাটৰ কমাৰবন্ধাৰ মৈদামনি নামঘৰৰ সাহাৰ্য্যথে আয়োজন কৰা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ আছিল এখন MG Hector গাড়ী ৷ সেই লটাৰীৰে টিকট ক্ৰয় কৰিছিল তেওঁ।

১০০ টকাৰ লটাৰীৰ টিকত ক্ৰয় কৰি কেইবালাখ টকীয়া এখন বিলাসী গাড়ী লাভ কৰা বুবুল আলিৰ বাসগৃহত এতিয়া ভিৰ কৰিছেবহু লোকে ৷ ভৱিষ্যতে এখন গাড়ী কিনাৰ সপোন দেখা বুবুলে ভাগ্য পৰীক্ষাৰ জৰিয়তে লাভ কৰি যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে ৷

নিশাৰ ভিতৰতে ফুলিল ভাগ্য! ১০০ টকাত বুবুল আলীয়ে লাভ কৰিলে বিলাসী গাড়ী
বিছৰখ গাঁৱত ৰাৱণৰ মন্দিৰত প্ৰথমবাৰৰ বাবে স্থাপন হ'ল ৰামৰ মূৰ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in