/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/faf4391a-d503-45c9-bd92-f841ef7bf528/AP_FOR_WEB__missing.jpg)
ডিজিটেল ডেস্কঃ এক চাঞ্চল্যকৰ নিৰুদ্দেশ কাণ্ডই জোকাৰিছে গুৱাহাটী মহানগৰী। অভিযোগ অনুসৰি অপহৰণ কৰা হৈছে দুই কিশোৰ-কিশোৰীক।
স্কুললৈ গৈ থকাৰ সময়ত বশিষ্ঠৰ পৰা দুই ভাতৃ–ভগ্নী অপহৰণ কৰে কোনোৱে। অপহৃত কিশোৰী গৰাকীৰ নাম প্রিন্স শ্যামন্ত(১৬) আৰু তেওঁৰ ভাতৃ ছনি শ্যামন্ত(৯)।প্রিন্স শ্যামন্ত চি কে একাডেমীৰ দ্বিতীয় শ্রেণীৰ ছাত্র আৰু ছনি শ্যামন্ত হেপী মন্টেছৰী স্কুলৰ নৱম শ্রেণীৰ ছাত্রী।
শুকুৰবাৰে পুৱা ৮.৩০ বজাৰ পৰা অপহৃত দুয়ো ভাতৃ–ভগ্নী। বাক্রাপাৰাৰ মনসা মন্দিৰৰ সন্মুখৰ পৰা অপহৃত হোৱা বুলি পৰিয়ালে জনাইছে। ইতিমধ্যে ঘটনাকলৈ বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালে। কিন্তু এতিয়ালৈকে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: ৮ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অৰুণাচল ৰঙ্গ মহোৎসৱ