/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c2b574b0-775c-4eb1-8a4b-8b1a56cce0f4/lurin.jpg)
স্মৃতিচাৰণ সভা
ডিজিটেল সংবাদ, গোলাঘাটঃ অকালতে মৃত্যুক সাৱটি লোৱা যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন কবি, সাহিত্যিক তথা সাংবাদিক কৌস্তূভমণি হাজৰিকাৰ স্মৃতিচাৰণ সভা সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুস্থিত হৈ যায় । প্ৰতিষ্ঠিত মুদ্ৰক গোষ্ঠী জাগৰণ গ্ৰুপৰ উদ্যোগত আৰু বৃহত্তৰ হাতীয়াখোৱা অঞ্চলৰ ৰাইজৰ সহযোগত সাহিত্যিক-সাংবাদিক গৰাকীৰ ওপজা গাওঁ হাতীয়েখোৱাৰ ৰাজহুৱা ৰঙ্গমঞ্চত অনুুুুস্থিত হয় স্মৃতিচাৰণ সভা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c2756e97-a403-4421-bda6-85cba89a5bf6/8e7ad9a4_9667_47a4_a867_809192aac79f.jpg)
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কৌস্তূভমণি হাজৰিকাৰ ইতিপূৰ্বে প্ৰকাশিত গল্প, উপন্যাস, প্ৰবন্ধ সমূহৰ লগতে কৌস্তূভমণি হাজৰিকা সন্দৰ্ভত বিভিন্ন লেখকৰ লেখনি সন্নিবিষ্ট এখন বৃহৎ কলেবৰৰ স্মাৰক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট উপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে ।
বিশিষ্ট প্ৰাবন্ধিক ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা স্মৃতিচাৰণ সভাখন উদ্বোধন কৰে প্ৰয়াত কৌস্তূভ মনি হাজৰিকাৰ বন্ধু তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । অজাপৰ সভাপতিগৰাকীয়ে কৌস্তূভ মনি হাজৰিকাই ৰাইজৰ বাবে, মানুহৰ বাবে, সমাজৰ বাবে আৰু, জাতিৰ বাবে কাম কৰিছিল বুলি উল্লেখ কৰি তেওঁ সাধাৰণ মানুহৰ চিন্তাৰ লগত পৰিচিত আছিল বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e389d9e4-1f23-4581-b449-7a3b015c9205/89eafecb_41ce_4dc5_9045_4edb7bffe550.jpg)
গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড° পৰেশ চন্দ্ৰ দত্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত সন্মানীয় অতিথিৰূপে ভাগ লয় এটি বৈদ্যুতিন সংবাদ মাধ্যমৰ মুখ্য সম্পাদক ৰাজদ্বীপ বৰুৱাই । সভাত প্ৰয়াত কৌস্তূভ মনি হাজৰিকাৰ অন্তিম সম্পাদনাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ উপলক্ষে প্ৰকাশিত গ্ৰন্থ "জ্যোতিপ্ৰপাত" জাগৰণ প্ৰকাশনে পুনৰ প্ৰকাশ কৰে ৷ লগতে এই গ্ৰন্থৰ আলমত আছুৰ সহকাৰী সম্পাদক অভিৱৰ্তন গোস্বামীয়ে কৌস্তূভ মনি হাজৰিকা স্মৃতিচাৰণ কৰি চমু বক্তব্য প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/88fe9a8b-4fc1-464c-8279-40256560f6bb/735fd931_6bac_48bf_bd2c_85ca374e4ee1.jpg)
সভাত গোলাঘাটৰ গৌৰৱ, যুৱ সাহিত্যিক, সাহিত্য অকাডেমী যুৱ সাহিত্য বঁটা প্ৰাপক প্ৰদ্যুন্ন গগৈ, অভিজিৎ বৰা আৰু মুনীন বৰকটকী বঁটা প্ৰাপক উপাসনা শইকীয়াক জাগৰণ গ্ৰুপৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।
আৰম্ভনিতে বন্তি প্ৰজ্জ্বলন কৰে কৌস্তূভমণি হাজৰিকাৰ সহধৰ্মিনী ৰশ্মিতা শইকীয়াই । স্মৃতি তৰ্পন কৰে স্মৃতিচাৰণ ব্যৱস্থাপনা সমিতিৰ সভাপতি অনিল শৰ্মাই । ইয়াৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'য় । অন্যহাতে বিয়লি গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত প্ৰতিষ্ঠাপক সম্পাদক কৌস্তুভমণি হাজৰিকা সোঁৱৰণত কাব্যাঞ্জলি শীৰ্ষক এখনি কবিতাৰ আবেলি, স্মৃতিসভা আৰু গ্ৰন্থ উন্মোচনী সভা সম্পন্ন হৈ যায় ।
এই অনুষ্ঠানটি সঞ্চালনা কৰে গোলাঘাট জিলা কবি সন্মিলন সভাপতি ড° প্ৰণৱ ঢেকিয়াল ফুকনে আৰু সঞ্চালনত সহযোগ কৰে কাৰ্যকৰী সভাপতি অমৰ শৰ্মাই । সম্পাদক দীপ হেষ্টিংছ বৰিয়ে আঁত ধৰা অনুষ্ঠানটি আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি নৰেন শইকীয়াই, স্মৃতি তৰ্পন কৰিব প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাখী দত্ত শইকীয়াই আৰু উদ্ধোধনী ভাষণ প্ৰদান কৰে প্ৰতিষ্ঠাপক সভাপতি ৰাজুমণি বেজবৰুৱাই।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্যৰে কবি গৰাকীক স্মৰণ কৰে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা তথা বিশিষ্ট কবি ড° মাণিক শইকীয়া, পৰাগজ্যোতি মহন্ত, সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মা, প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন, গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পাৰ্থ প্ৰতিম শইকীয়াই ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰয়াত কবিগৰকীৰ সহধৰ্মিনী তথা যুৱ লেখিকা, শিক্ষয়িত্ৰী ৰশ্মিতা শইকীয়া, কবিৰ সতীৰ্থ জাগৰণ গ্ৰুপৰ প্ৰবিন দাস, ৰণ্টু শইকীয়া, ধ্ৰুৱজ্যোতি শইকীয়াই ৷ অনুষ্ঠানতে কৌস্তুভমণি হাজৰিকাৰ নামত উৎসৰ্গিত গোলাঘাট জিলা কবি সন্মিলনৰ মুখপত্ৰ কাব্যালোচনী কাব্যৰাগ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মাই ।
কাব্যৰাগৰ সম্পাদনা অজন্তা তালুকদাৰ আৰু কমলাক্ষী দত্ত । অনুষ্ঠানত কবিতা পাঠ কৰে ৰূপজ্যোতি গগৈ, স্বপ্নালী শইকীয়া, তুলুমণি শৰ্মা, চুমি বৰদলৈ, পাপৰি শইকীয়া বৰা, ৰিজু শইকীয়া, দৰ্শনা গোস্বামী, নীলিমা বৰাকে ধৰি দুকুৰিও অধিক কবিয়ে।
Also Read: "প্ৰিপেইড ডিজিটেল মিটাৰ" স্থাপন কৰিলে অধিক বিদ্যুতৰ বিল হ'ব নেকি?