/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/37111c6b-c22f-45b1-90cf-03554b87ac51/numaligarh_19.jpg)
ড্ৰাগছ ব্যৱসায়ৰে জড়িতৰ পৰিয়ালক এঘৰীয়া কৰাৰ সিদ্ধান্ত...
ডিজিটেল সংবাদ নুমলীগড়: গোলাঘাটৰ ঢুলীয়া গাওঁ-লুৰুকিহাটত ড্ৰাগছৰ বিৰুদ্ধে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত "সজাগতামূলক পদযাত্ৰা" ৷ ড্ৰাগছ ব্যৱসায়ত জড়িত লোকৰ পৰিয়ালক এঘৰীয়া কৰাৰ লগতে মৃত্যু হোৱা লোকৰ জানাজাত ৰাইজে অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
গোলাঘাটৰ "লুৰুকিহাট"ত বিভিন্ন সময়ত কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু আইনী সুৰুঙাৰে এইসকল ড্ৰাগছ ব্যবসায়ী কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ লিপ্ত হয় মাৰাত্মক ড্ৰাগছ ব্যৱসায়ত ৷
সেয়ে অঞ্চলটোৰ কেইবা শতাধিক ৰাইজ একত্ৰিত হৈ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অবস্থিত ঢুলীয়া গাওঁ আৰু লুৰুকীহাটবাসী ৰাইজে গাওঁখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় কেইবা কিলোমিটাৰ পথ সমদল কৰি ড্ৰাগছ ব্যৱসায়ীৰ পৰিয়ালক ড্ৰাগছ ব্যৱসায়ৰ পৰা বিৰত থাকিবলৈ সকিয়নী প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/31ec6ab9-1ec0-4f2d-86c2-e8dfe97d8e2a/eefbb599_c402_4d47_8757_3f2046370dfc.jpg)
ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত বুলি প্ৰমাণিত হলে হিন্দু আৰু মুছলিম উভয় পক্ষৰ ৰাইজে সমাজৰ পৰা এঘৰীয়া কৰাৰ লগতে সেই পৰিয়ালৰ কোনোলোকৰ মৃত্যু হলে জানাজা অথবা শেষকৃত্য অনুষ্ঠানত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি সকীয়াই দিয়ে। ঢুলীয়া গাওঁ-লুৰুকীহাটবাসীৰ আজিৰ এই কাৰ্যসূচী সমগ্ৰ গোলাঘাট জিলাতেই ইতিবাচক বাৰ্তা হিচাপে বিবেচিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e5279985-83cf-45b2-8dfa-6f65d100191a/4e8ba6c1_b2d7_4ca3_9c97_33b7d6c65ae0.jpg)
Also Read: কলিয়াবৰত মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ...