/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a33ad938-8b77-4f88-a0d8-6b018c2a41c0/15.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: মঙলবাৰে গোলাঘাট নগৰতৰ মাজমজিয়াত থকা এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ৬ বছৰীয়া ছাত্ৰীক অপহৰণৰ কৰা আৰু পৰৱৰ্তী সময়ত ছাত্ৰী গৰাকী নিজা প্ৰচেষ্টাৰে মুকলি হৈ অহাৰ ঘটনাই চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত অভিযোগ অনুসৰি, ২ নং টাউন নিম্ন বুনিয়াদী বিদ্যালয়ত অধ্যয়ন কৰা ৬ বছৰীয়া এগৰাকী কণমানিক এজন অচিনাক্ত লোকে অপহৰণ কৰাৰ চেষ্টা কৰে। ছাত্ৰীগৰাকীৰ মাতৃৰ মতে বিদ্যালয় ছুটিৰ পিছত অচিনাক্ত এজন লোকে কণমানি ছাত্ৰীগৰাকীক এখন হাবিত বান্ধি থৈছিল ৷ কামৰ পৰা নিজ ঘৰলৈ উভতাৰ পিছত মাতৃৰ আগত ছাত্ৰী গৰাকীয়ে সমগ্ৰ ঘটনাটোৰ বিৱৰণ দিয়াৰ পিছত পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে।
ঘটনাস্থলীত গোলাঘাটৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এনে ঘটনাই স্বাভাৱিকতে কনমানি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনাৰ সকলো তথ্য পোহৰলৈ আহিব ৷
Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...