খুমটাইৰ আধাৰসত্ৰৰ নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি...

খুমটাইৰ আধাৰসত্ৰৰ নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ, গোলাঘাট : এক বিপৰীত ছবি। নিচামুক্তি কেন্দ্ৰত নিচামুক্ত কৰাৰ পৰিৱৰ্তে চলে মাদকদ্ৰব্য সেৱন। মদ, ভাং, চিগাৰেট মুক্তভাৱে সেৱন কৰে কেন্দ্ৰটোত। ঘটনা গোলাঘাটৰ খুমটাইৰ Rescue Foundation নামৰ নিচা মুক্তি কেন্দ্ৰৰ।

কেন্দ্ৰটিত থকা যুৱকসকলে প্ৰতিদিনেই মাতাল হৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাতি হ'লেই চিঞৰ-বাখৰ কৰি উৎপাত কৰাৰ অভিযোগ। যাৰ বাবে বহুদিনৰে পৰা অতিষ্ঠ হৈ আহিছিল স্থানীয় ৰাইজ। শণিবাৰে নিচামুক্ত কেন্দ্ৰটোত চিগাৰেট খাই থাকোতেই হাতে-লোটে ধৰা পেলাই স্থানীয় ৰাইজে ।

ইয়াৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কেন্দ্ৰটোত। সেয়েহে শতাধিক ৰাইজে নিচামুক্ত কেন্দ্ৰটোত থকাসকলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লোৱাৰ দাবী তুলিছে। উল্লেখ্য যে, গোলাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷

খুমটাইৰ আধাৰসত্ৰৰ নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি...
'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ "দামোদৰদেৱ বঁটা ২০২৩"...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in