/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/348aba10-0d57-4aec-ac15-53ef9a29d530/mandir.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ পাঁচপতীয়া শিৱ মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মহা ৰুদ্ৰ যজ্ঞ ৷ ৰাজ্যৰ লগতে দেশৰ শান্তিৰ বাবে যোৱা ১ জুলাইৰ পৰা আৰম্ভ হোৱা মহা ৰুদ্ৰ যজ্ঞৰ অন্তিম দিনা হ’ব পূৰ্ণাহুতি।
পাঁচটা পাত সম্বলিত বৈচিত্ৰ্যপূৰ্ণ এজোপা বেল গছক কেন্দ্ৰ কৰি ১৯৭৮ চনত গঢ়লৈ উঠা পাঁচপতীয়া শিৱমন্দিৰত নতুনকৈ স্থাপন কৰা শিৱ লিংগ ভাগৰ প্ৰাণ প্ৰতিস্থা কৰা হয় । লগতে সমান্তৰাল ভাৱে আয়োজন কৰা মহা ৰুদ্ৰ যজ্ঞত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই অংশ গ্ৰহন কৰে ৷
Also Read: প্ৰাক্তন সৈনিক সকলৰ প্ৰাপ্ত অধিকাৰৰ দাবীত ধেমাজি কাছাৰী ময়দানত উত্তাল প্ৰতিবাদ...