প্ৰাক্তন সৈনিক সকলৰ প্ৰাপ্ত অধিকাৰৰ দাবীত ধেমাজি কাছাৰী ময়দানত উত্তাল প্ৰতিবাদ...

প্ৰাক্তন সৈনিক সকলৰ প্ৰাপ্ত অধিকাৰৰ দাবীত ধেমাজি কাছাৰী ময়দানত উত্তাল প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন সৈনিক সকলৰ প্ৰাপ্ত অধিকাৰৰ দাবীত ধেমাজি কাছাৰী ময়দানত উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলাৰ পাঁচ সহশাধিক প্ৰাক্তন সৈনিক আৰু বীৰ নাৰী সকলৰ প্ৰাপ্ত অধিকাৰৰ দাবীত দেওবাৰে পুৱা ১০ বজাৰ বিয়লি ৩ বজাৰলৈকে প্ৰায় দুই শতাধিক প্ৰাক্তন সৈনিক আৰু বীৰ নাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । ফেডাৰেচন অফ ভেটান এছচিয়েছন ধেমাজি জিলা সমিতিৰ উদ্যোগত কাছাৰী ময়দানৰ সন্মুখভাগ প্ৰতিবাদেৰে উত্তাল কৰি তুলে ৷

Advertisment

হাতে- হাতে বেনাৰ পোষ্টাৰ প্লে'কাৰ্ড লৈ বন্দে মাতৰম,সম- কামৰ সম- মৰ্যাদা দিয়াৰ দাবীত প্ৰতিবাদস্থলী উত্তাল কৰে প্ৰতিবাদকাৰীসকলে । কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ স্থলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷

ফেডাৰেচন অফ ভেটান এছোছিয়েশ্যনৰ ধেমাজী জিলা সমিতিৰ সভাপতি বনমালী চুতীয়া, উপ-সভাপতি অতুল বৰ গোহাঁই আৰু সম্পাদক ফণী চাংমাইয়ে বক্তব্যত কয় যে, "এসময়ত দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ ৰ'দে-বৰষুণে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহা প্ৰাক্তন সৈনিকসকলৰ পৰিয়াল বৰ্গই এতিয়া তীব্ৰ আৰ্থিক সংকটত ভুগি হাহাঁকাৰ কৰিব লগা অৱস্থা কথা উল্লেখ কৰি সংশ্লিষ্ট বিভাগৰ চৰম বৈষম্যৰ বাবেই এই হৈছে বুলি জানিবলৈ দিয়ে ৷

বক্তব্যত তেওঁলোকে সেনাবাহিনী, চিপাহী সকলৰ বাবে থকা জুনিয়ৰ কমিচনৰ আইন বিসংগতি হৈছে বুলি দাবী কৰে ৷ সেয়ে ফেডাৰেচন অফ ভেটান এছোছিয়েশ্যনৰ বিষয়ববীয়াদ্বয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে অনুমোদন জনোৱা সমান ৰেংক সমান পেঞ্চন ( ৱান ৰেংক ৱান পেঞ্চন )ত থকা বিসংগতি সংশোধন কৰিবলৈ দাবী জনায় ৷ তদুপৰি প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদ মানি নল'লে পৰৱৰ্তী পৰ্যায়ত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ৷

Also Read: "অখিল, লুৰীণজ্যোতি আৰু মই একলগ হৈ ফটো উঠাৰ বাবেই বিজেপিত ভূমিকম্পৰ সৃষ্টি হৈছে"

protest