কাজিৰঙাত মুখাপিন্ধা ভদ্ৰলোকৰ কাণ্ডঃ পঢ়াবলৈ আনি শিশুক অকথ্য নিৰ্যাতন...

কাজিৰঙাত মুখাপিন্ধা ভদ্ৰলোকৰ কাণ্ডঃ পঢ়াবলৈ আনি শিশুক অকথ্য নিৰ্যাতন...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত মুখাপিন্ধা ভদ্ৰলোকৰ কাণ্ডঃ পঢ়াবলৈ আনি শিশুক অকথ্য নিৰ্যাতন...

কাজিৰঙাত মুখাপিন্ধা ভদ্ৰলোকৰ কাণ্ডঃ পঢ়াবলৈ আনি শিশুক অকথ্য নিৰ্যাতন...

ডিজিটেল সংবাদ কাজিৰঙাঃ নিজকে অতি সচেতন বুলি দাবী কৰি দম্ভালি মাৰি ফুৰা কাজিৰঙা নিৱাসী জীৱন বৰুৱা আৰু তেওঁৰ পৰিয়ালৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি বাসগৃহৰ পৰা পলায়ন কৰে এটি কণমানি শিশু শ্ৰমিকে৷ আজি পুৱা পলায়ন কৰা কণমানি শিশুটিক উদ্ধাৰ কৰি কহঁৰা আৰক্ষী চকীত চমজাই দিয়ে।

Advertisment

তথ্য অনুসৰি, ৩/৪ মাহ মানৰ পূৰ্বে ৰঙাগড়া ঘাট নিৱাসী কণমানি শিশুটিক বিদ্যালয়ত নাম লগাই দিম বুলি কৈ ঘৰৰ পৰা লৈ আনিছিল জীৱন বৰুৱা নামৰ কাজিৰঙা নিৱাসী মুখাপিন্ধা ভদ্ৰলোকজনে৷ ঘৰলৈ অনাৰ পিছৰে পৰা কণমানি শিশুটিক বিভিন্ন কামত নিয়োজিত কৰে৷

তথ্য অনুসৰি, ৮/৯ বয়সীয়া শিশুটিক পুৱাৰ ভাগত ঘৰ সৰা, চোতাল সৰা, বাচন ধোৱাৰ কামতে নাৰাখি টয়লেট পৰ্যন্ত চফা কৰায়৷ কাম নকৰিলেই বিভিন্ন গালি-গালাজ পৰাৰ সমান্তৰালকৈ মাজে মধ্যেই মাৰ পিট কৰে৷

যাৰ বাবে শিশুটিয়ে আজি পুৱা চেগ বুজি কাজিৰঙাৰ কহঁৰাস্থিত জীৱন বৰুৱাৰ বাসগৃহৰ পৰা পলায়ন কৰে৷ ইপিনে, কহঁৰাৰ পৰা কিছুদূৰ যোৱাৰ পাছতে ভাগৰত পথৰ দাঁতিৰ মানুহ এঘৰৰ সন্মুখত বহি পৰে৷

ইপিনে, মানুহঘৰত কিছু খাদ্য খাবলৈ দি শিশুটিক পাছত এগৰাকী যুৱকৰ দ্বাৰা কহঁৰা আৰক্ষী চকীত চমজাই দিয়ে৷ ইয়াৰ পাছতে বোকাখাতৰ মহকুমা পৰিদৰ্শক ড° মনচুম কাশ্যপে কহঁৰা আৰক্ষী চকীত উপস্থিত হৈ শিশুটিক কহঁৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই গোলাঘাটৰ জিলা শিশু সুৰক্ষা কাৰ্যালয়লৈ লৈ আনে৷

তাৰ পাছত শিশুটিক পুনৰ বোকাখাতৰ এখন শিশু সুৰক্ষা গৃহত আজি ৰাতিটোৰ বাবে ৰাখে৷ ইপিনে, শ্ৰম পৰিদৰ্শক কাশ্যপে শিশু নিৰ্যাতনকাৰী জীৱন বৰুৱা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কহঁৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷

Also Read: শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথৰ বিয়োগত শোক...

কাজিৰঙা অপৰাধ শিশু নিৰ্যাতন