এতিয়াও জলমগ্ন কাজিৰঙাৰ প্ৰায় ৫০ শতাংশ বনাঞ্চল...

এতিয়াও জলমগ্ন কাজিৰঙাৰ প্ৰায় ৫০ শতাংশ বনাঞ্চল...

author-image
Asomiya Pratidin
New Update
এতিয়াও জলমগ্ন কাজিৰঙাৰ প্ৰায় ৫০ শতাংশ বনাঞ্চল...

এতিয়াও জলমগ্ন কাজিৰঙাৰ প্ৰায় ৫০ শতাংশ বনাঞ্চল...

ডিজিটেল সংবাদ কাজিৰঙাঃ যোৱা চাৰিটা দিনে জলমগ্ন হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে যদিও শংকা আঁতৰা নাই বন্যজীৱকুলৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনত ৪৫ টা বন শিৱিৰ এলেকা বৰ্তমানেও হৈ আছে জলমগ্ন ৷

Advertisment

ইয়াৰ ভিতৰত ১৮ টা বন শিবিৰ কহঁৰা বনাঞ্চলৰ ৷এতিয়াও ৪২ ৰ পৰা ৫০ শতাংশ জলমগ্ন হৈ আছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেচে প্ৰকাশ কৰা মতে বানৰ সময়ত অধিকাংশ বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ড সমূহত আশ্ৰয় লৈ আছে ৷

কিছু বন্যপ্ৰাণীয়ে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দুয়োকাষে অহা-যোৱা কৰি আছে। বন বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে যে, এটা ছাগলী পহু আৰু এডাল অজগৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ক্ৰমে বুঢ়াপাহাৰৰ আমগুৰি আৰু হালধিবাৰীত গাড়ীৰ খুন্দাত মৃত্যু হৈছে ৷

তদুপৰি এটা ম’হ আৰু এটা ছাগলী সাঁতুৰি অহা অৱস্থাত মৃত্যু হৈছে ৷ তদুপৰি বানৰ সময়ত যাতে চোৰাং চিকাৰীয়ে জীৱকুল হত্যা কৰিব নোৱাৰে তাৰ বাবে দিনে নিশাই কৰ্তব্যত নিয়োজিত কৰিছে বনকৰ্মীসকলক ৷ ইয়াৰোপৰি ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে অহা যোৱা কৰা চালকসকলক নিয়ম মানি চলাৰ আহ্বান ডি এফ অ' গৰাকীৰ ৷

Also Read: চেন্নাইলৈ কাম কৰিবলৈ গৈ মাজ পথতে হেৰাল তিতাবৰৰ যুৱক...

বানপানী কাজিৰঙা