কাজিৰঙাৰ মহিলাক হোম ষ্টেৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাৰ পাঠ বিদেশী মহিলা উদ্যোগীৰ...

কাজিৰঙাৰ মহিলাক হোম ষ্টেৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাৰ পাঠ বিদেশী মহিলা উদ্যোগীৰ...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ মহিলাক হোম ষ্টেৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাৰ পাঠ বিদেশী মহিলা উদ্যোগীৰ...

কাজিৰঙাৰ মহিলাক হোম ষ্টেৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাৰ পাঠ বিদেশী মহিলা উদ্যোগীৰ...

ডিজিটেল সংবাদ কাজিৰঙাঃ অসমৰ পৰ্যটন ক্ষেত্ৰত গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে আছে আৰ্থিক স্বাৱলম্বিতাৰ পথ ৷ ইয়াৰ উপযুক্ত ব্যৱহাৰৰ মাজেৰে গ্ৰাম্য পৰ্যটনৰ পথ প্ৰশস্ত কৰিব পাৰে গ্ৰামাঞ্চলৰ মহিলাসকলে।

Advertisment

অসমৰ পৰ্যটন ক্ষেত্ৰত গ্ৰামাঞ্চলৰ মহিলাৰ আৰ্থিক স্বাৱলম্বিতাৰ উৎকৰ্ষ সাধনৰ বাবে আয়াৰলেণ্ডৰ পৰা কাজিৰঙাত উপস্থিত হ’ল এগৰাকী মহিলা উদ্যোগী ৷ ৰাজ্য চৰকাৰৰ গ্ৰামাঞ্চলৰ মহিলা সবলীকৰণ আঁচনিৰ অধীনত অসমৰ পৰ্যটন ক্ষেত্ৰত গ্ৰামাঞ্চলৰ মহিলাসকল কেনেদৰে জড়িত হ’ব পাৰে তাৰে ধাৰণা দিবলৈ কাজিৰঙাত উপস্থিত হোৱা বিদেশী মহিলাগৰাকীয়ে কাজিৰঙাৰ গ্ৰামাঞ্চলৰ পৰিবেশত উৎফুল্লিত হৈ পৰে ৷

উদ্যোগী মহিলাগৰাকীয়ে প্ৰকাশ কৰে যে, সাধাৰণতে অধিক সংখ্যক বিদেশী পৰ্যটকে গ্ৰামাঞ্চলৰ পৰিবেশত নিশা কটাব বিচাৰে ৷ গতিকে সুন্দৰভাৱে 'হোম ষ্টে'ৰ ব্যৱস্থা কৰি গ্ৰামাঞ্চলতে বিদেশী পৰ্যটকক থকা খোৱাৰ ব্যৱস্থাৰে আৰ্থিকভাৱে লাভান্বিত হ’ব মহিলাসকল ৷

কাজিৰঙাৰ উদ্যোগী মহিলা ৰূপজ্যোতি গগৈৰ কাজিৰঙা হাটৰ আপ্যায়নত আপ্লুত মহিলাগৰাকীয়ে মহিলাসকলক এনেদৰে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়।

Also Read: ভাৰতীয় বিজ্ঞানীলৈ আমেৰিকাৰ সন্মানীয় 'নেচনেল মেডেল অফ চাইঞ্চ' বঁটা...

কাজিৰঙা