ডেৰ মাহৰ ব্যৱধানত কাজিৰঙাৰ "অঞ্জলী হোটেল"ত দুবাৰকৈ চুৰিকাৰ্য...

কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে স্থানীয় বাসিন্দা।

author-image
Asomiya Pratidin
New Update
ডেৰ মাহৰ ব্যৱধানত কাজিৰঙাৰ "অঞ্জলী হোটেল"ত দুবাৰকৈ চুৰিকাৰ্য...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে স্থানীয় বাসিন্দা। প্ৰতিদিনে বৃদ্ধি পাইছে চুৰিকাৰ্য৷ কাজিৰঙাৰ প্ৰতিটো চাৰিআলিতে প্ৰতি নিশাই চুৰিকাৰ্য সংঘটিত হয় ৷

অঞ্চলটোত "অঞ্জলী হোটেল" নামৰ এখন দোকানত ডেৰমাহৰ ব্যৱধানত দুবাৰকৈ চুৰিকাৰ্য সংঘটি হৈছে। সোমবাৰে নিশাও চোৰে উদং কৰিলে দিৰিং চাৰিআলিত অৱস্থিত হোটেলখনৰ সামগ্ৰী ৷ কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত হোটেলখনত হোৱা এই চুৰিকাৰ্যৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হয় স্বতাধিকাৰী।

উল্লেখ্য চুৰিকাৰ্যৰ সময়ত হোটেলখনৰ পাছফালে লাগি থকা স্বত্বাধিকাৰীৰ দুয়োটা শয়ন কোঠাতে বাহিৰৰ পৰা বন্ধ কৰি লৈছিল চোৰে ৷ ঘটনাস্থলীত কহঁৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Also Read: মহানগৰীত দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...

kaziranga Assam police