/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d2affd79-66d0-4e95-9d2c-b9443fcb3f22/Cngredd.jpg)
ডিজিটেল ডেস্কঃ ডিমা হাচাওত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবীত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। দিনৰ ১১ বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী।
কামৰূপ মহানগৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত সাব্যস্ত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আদি উপস্থিত থাকে।
উল্লেখ্য বৰ্তমানৰ ডিমা হাচাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে হাবিবুল ৰহমান নামৰ কনিষ্টবল জনক হত্যাৰ এক গোচৰ আদালতত চলি আছে। এই গোচৰৰ অন্যতম সাক্ষী বিকাশ থাউচেনক ভয়-ভাবুকিৰে গোচৰৰ সাক্ষ্যদানৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা চলোৱাৰ অভিযোগ দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে।
সেই সন্দৰ্ভত গাৰ্লোছাৰ বিৰুদ্ধে বিকাশ থাউচেনে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচীৰ হাতত লয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ সভাপতি ভূপেন বৰাই কয় যে, এই অভিযোগত অভিযুক্তসকলৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে বিষয়টো বিধানসভাৰ মজিয়াত উপস্থাপন কৰা হ'ব আৰু আগন্তুক লোকসভা নিৰ্বাচনতো এই বিষয়টো উত্থাপন কৰা হ'ব। উল্লেখ্য এই প্ৰতিবাদী কাৰ্যসূচীত ডিমা হাচাও জিলাৰ কংগ্ৰেছ কমিটিয়েও অংশগ্ৰহণ কৰে।