চিলাপথাৰত সম্পূৰ্ণ হৈ উঠিছে গকুল শিশু উদ্যান

চিলাপথাৰত সম্পূৰ্ণ হৈ উঠিছে গকুল শিশু উদ্যান

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ মাদুৰিপথাৰত সম্পূৰ্ণ হৈ উঠিছে গকুল শিশু উদ্যান নামৰ এখন অত্যাধুনিক বিশেষ শিশু উদ্যান। শিশুৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় সোতৰ বিঘাৰ বিশাল ভূমিত সজাই পৰাই তোলা হৈছে উদ্যানখন।

চিলাপথাৰ- লিকাবালি সীমান্ত পথত স্থাপিত উদ্যানখনত উভৈনদী কৈ সজাই পৰাই তোলা হৈছে শিশুৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সকলো খোৰাক। উদ্যানত নিৰ্মাণ কৰা হৈছে প্ৰাক: ঐতিহাসিক যুগৰ কেইবাটাও ডাইনোচৰৰ মূৰ্তি। বিশ্বজুৰি জনপ্ৰিয় হোৱা হলিউড ছবি 'জোৰাচিক পাৰ্ক'ৰ বিশাল ডাইনোচৰৰ মূৰ্তিবোৰক লৈ স্থানীয় ৰাইজৰ উৎসুকতাৰ অন্ত নাই।

উদ্যানত লগতে নিৰ্মাণ কৰিছে বিশাল সৰোবৰৰ। চালে চকুৰুৱাকৈ সজাই তোলা হৈছে বিভিন্ন জলচৰ স্থলচৰ পশু আৰু পক্ষীৰ ভাস্কৰ্য আৰু মূৰ্তিবোৰ। যন্ত্ৰ আৰু আলোক সজ্জাৰ সহায়ত জীৱন্ত আৰু অধিক মোহনীয়া কৰি তুলিছে উদ্যানৰ পৰিৱেশ। উদ্যানত ৰখা হৈছে চাৰি সহস্ৰাধিক পৰিচিত অপৰিচিত মূল্যৱান গছ গছনি।

শান্ত সমাহিত প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থাপিত উদ্যানৰ বিশাল এলেকাত শিশুৰ খেলা-ধূলাৰ সকলো সামগ্ৰীৰ লগতে ৰাখিছে শিক্ষক-অভিভাৱকৰ জিৰণিৰ ব্যৱস্থা। চিলাপথাৰৰ ঘাৰমৰা আদৰ্শ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ দেৱ গোস্বামীৰ পুত্ৰ গৌতম গোস্বামীয়ে কেইবাজনো স্থানীয় নিবনুৱা যুৱকৰ সহায়ত দিবা-নৈশে একাকাৰ কৰি সম্পূৰ্ণ কৰি তুলিছে উদ্যানখন। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়ন বা শিক্ষামূলক ভ্ৰমণৰ বাবে উপযোগী হোৱাকৈ স্থাপিত উদ্যানখনত শিশুৰ বাবে নালাগে প্ৰৱেশ মাছুল।

উদ্যানখনে জিলাখনত স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি ধাৰণা কৰা হৈছে। উদ্যানৰ পৰা বিশেষ আয়ৰ আশা কৰা নাই। উদ্যানখন আৰু ইয়াৰ পৰিচালনাত জৰিত শ্ৰমজীৱি পৰিয়াল কেইটাক জীয়াই থকাৰ জোখাৰে উপাৰ্জন কৰিব পাৰিলেই কৰ্মত সন্তুষ্টি লাভ কৰিব বুলি উদ্যোগী যুৱক গৌতম গোস্বামীয়ে সদৰি কৰে।

চিলাপথাৰত সম্পূৰ্ণ হৈ উঠিছে গকুল শিশু উদ্যান
কাছাৰৰ লক্ষীপুৰত মৃতদেহ উদ্ধাৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in