/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/550b5e07-679e-4a0f-9b3c-6e4620858931/2.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ এখন প্ৰাথমিক বিদ্যালয়ে উদঙাইছে শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ ৷ শিক্ষামন্ত্ৰীয়ে শিক্ষাব্যৱস্থাত আমূল পৰিবৰ্তন অনাৰ কথা প্ৰকাশ কৰিলেও বাস্তৱক্ষেত্ৰত উন্নত হোৱা নাই শিক্ষাব্যৱস্থাৰ মানদণ্ড ৷
কাজিৰঙাৰ চেপেনাকোবোৱা প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ অনুপাতে নাই শিক্ষক ৷ ৬৮ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষয়ত্ৰীৰে চলাইছে পাঠদান প্ৰক্ৰিয়া ৷ পাচঁটা শ্ৰেণীত শিক্ষাদান কৰা প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে কৰিব লাগে দৈনন্দিন অফিচিয়েল কাৰ্য্য কলাপো। যাৰ বাবে শিক্ষয়ত্ৰীগৰাকী অসুবিধাত পৰাৰ কথা উল্লেখ কৰে সাংবাদিকৰ আগত ৷
প্ৰাথমিক শিক্ষাই এটি শিশুৰ শিক্ষাৰ মুল ভেটি হিচাপে পৰিগণিত হোৱাৰ পাছতো শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা বুলি মত ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই ৷ শিক্ষামন্ত্ৰীয়ে সভাই সমিতিয়ে শিক্ষা ব্যৱস্থাত হোৱা আমুল পৰিবৰ্তনৰ কথা কোৱাৰ বিপৰীতে শিক্ষা ব্যৱস্থাৰ এই পয়াঁলগা অৱস্থাসমুহ অতি সোনকালে দূৰ কৰাৰ দাবী সংগঠনটোৰ ৷
Also Read: কাজিৰঙাত আৰম্ভ টি টুৰিজিম