/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1edd672a-388a-4ec2-a389-93a2ee8df71c/kazironga_25.jpg)
কাজিৰঙাত গঁড়ৰ মৃতদেহ উদ্ধাৰঃ খৰ্গৰ সন্ধানত অভিযান অব্যাহত...
ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙ ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহ। কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহটো।
কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সন্দেহ অনুসৰি প্ৰায় ৫ দিন পূৰ্বে গঁড়টোৰ স্বাভাৱিক মৃত্যু হৈছে। কিন্তু উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই খৰ্গ।
উদ্যান কৰ্তৃপক্ষৰ মতে পানীত পৰি মৃত্যু হৈছে বয়স্ক মতা গঁড়টোৰ। মৃত গঁড়টোৰ খৰ্গটোৰ সন্ধানত বন বিভাগৰ অভিযান অব্যাহত আছে ৷
Also Read: গৰু চোৰক ৰাইজৰ প্ৰহাৰঃ বাহনত অগ্নি সংযোগ....