গৰু চোৰক ৰাইজৰ প্ৰহাৰঃ বাহনত অগ্নি সংযোগ....

গৰু চোৰক ৰাইজৰ প্ৰহাৰঃ বাহনত অগ্নি সংযোগ....
গৰু চোৰক ৰাইজৰ প্ৰহাৰঃ বাহনত অগ্নি সংযোগ....

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ গৰু চুৰি কাণ্ডক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। শুকুৰবাৰে চামগুৰিৰ সোণাৰিবালিত গৰু চুৰিক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় লংকাকাণ্ড।

জানিব পৰা মতে গৰু চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ লগতে চোৰাং গৰু সৰবৰাহ কৰি অহা দুটা চোৰক ৰাইজে উত্তম-মধ্যম সোধাই। উত্তেজিত ৰাইজে এই চোৰ দুটাই গৰু সৰবৰাহ কৰা এখন বোহনতো আক্ৰমণ কৰি পৰৱৰ্তী সময়ত বাহনখনত অগ্নিসংযোগ কৰে। আনহাতে আন এখন বাহন ভাঙি লণ্ডভণ্ড কৰে।

এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে অৱশ্যে আৰক্ষীয়ে উত্তেজিত ৰাইজৰ মাজৰ পৰা চোৰ দুটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাইজে অগ্নিসংযোগ কৰা বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছে ৫ টাকৈ চোৰাং গৰু। এই ঘটনা সোণাৰিবালিৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হয়।

গৰু চোৰক ৰাইজৰ প্ৰহাৰঃ বাহনত অগ্নি সংযোগ....
পাণ মচলাৰ নামত বৰবিহ ! হ'ব পাৰে কৰ্কট, কাৰ্ডিয়াক এৰেষ্ট: অসম চৰকাৰকলৈ হাই ক'ৰ্টৰ জাননী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in