মৰম আকলুৱা 'পৰি'ৰ এতিয়া মৰম বিচৰাৰ ব্যস্ততা

জন্মৰ পাছৰে পৰা মাউতৰ আদৰ যত্নত ক্ৰমে পৰি হৈ পৰিল চালে চকুৰোৱা ৷ থোলোকা শৰীৰটো লৈ দিনৰ দিনটো মাকৰ আশেপাশে দৌৰা ধপৰা কৰি থকা পৰিয়ে কমদিনতে আপোন কৰি পেলালে মাউতক ৷
মৰম আকলুৱা 'পৰি'ৰ এতিয়া মৰম বিচৰাৰ ব্যস্ততা

ডিজিটেল ডেস্কঃ মৰম আকলুৱা পৰিৰ এতিয়া মৰম বিচৰাৰ ব্যস্ততা ৷ সকলোৰে ওচৰত মৰম বিচাৰি যোৱা পৰিৰ সীমাহীন আনন্দৰ মাজত দেখা পোৱা গৈছে সৰু ল’ৰাছোৱালীৰ দৰেই শিশুসুলভ আদৱকায়দা ৷

যোৱা ১২ জানুৱাৰী তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পোহনীয়া হাতী ভাদৈয়ে জন্ম দিয়ে এটা পোৱালি ৷ বছৰৰ প্ৰথম ভাগতে ভাদৈয়ে জন্ম দিয়া কণমানি পোৱালিটোক মাউত সকলে নাম থ’লে পৰি ৷

জন্মৰ পাছৰে পৰা মাউতৰ আদৰ যত্নত ক্ৰমে পৰি হৈ পৰিল চালে চকুৰোৱা ৷ থোলোকা শৰীৰটো লৈ দিনৰ দিনটো মাকৰ আশেপাশে দৌৰাধপৰা কৰি থকা পৰিয়ে কমদিনতে আপোন কৰি পেলালে মাউতক ৷ সেয়ে ২৩ দিন অতিক্ৰম কৰা পৰিৰ লগত ধেমালি কৰি মাউত সকলেও লাভ কৰে সুখানুভূতি ৷

একেদৰে বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত বাগৰি বনাঞ্চলত জন্ম হৈছিল এটা হাতী পোৱালি ৷ খৃষ্টমাচৰ দিনা জন্ম হোৱাৰ বাবে পোৱালিটোৰ নাম দিয়া হয় ক্ৰিষ্ট ৷ উল্লেখযোগ্য যে বাগৰি বনাঞ্চলত বৰ্তমান বিভাগীয় পোহনীয়া হাতীৰ সংখ্যা ১৮ টা ৷ ইয়াৰে ভিতৰত ক্ৰিষ্ট আৰু পৰিক ধৰি পোৱালিৰ সংখ্যা ছটা ৷

মৰম আকলুৱা 'পৰি'ৰ এতিয়া মৰম বিচৰাৰ ব্যস্ততা
কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ওৰাঙৰ পৰীক্ষা পৰিচালনা সমিতি গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in