কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ওৰাঙৰ পৰীক্ষা পৰিচালনা সমিতি গঠন

ওদালগুৰি জিলাৰ ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ৪ ফেব্ৰুৱাৰীত এখনি পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিৰ এখনি সভা অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ওৰাঙৰ পৰীক্ষা পৰিচালনা সমিতি গঠন

ডিজিটেল সংবাদ ওৰাংঃ ‌ওদালগুৰি জিলাৰ ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ৪ ফেব্ৰুৱাৰীত এখনি পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিৰ এখনি সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্বত কৰে পৰীক্ষা পৰিচালনা সমিতিৰ সভাপতি ৰতন দৈমাৰীয়ে। সভাখন আঁত ধৰাৰ লগতে সভাৰ উদেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিনন নাৰ্জাৰীয়ে।

Advertisment

সভাত বিগত বৰ্ষৰ পৰীক্ষাৰ হিচাপ নিকাচৰ প্ৰতিবেদনখন হিচাপ পৰীক্ষক নৰপতি শৰ্মাই পাঠ কৰাৰ অন্তত সভাত আলোচনা মৰ্মে গ্ৰহন কৰা হয়। সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিনন নাৰ্জাৰীয়ে। সভাৰ অহা ১২‌ ফেব্ৰুৱাৰীত হ'ব লগীয়া উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাটো পৰিচালনা কৰাৰ সম্পৰ্কত আলোচনা পৰ্যালোচনা কৰা হয়।

এইখন সভাতেই সৰ্বসন্মতি ক্ৰমে এখনি পৰীক্ষা পৰিচালনা সমিতি গঠন কৰা হয়। সংশ্লিষ্ট বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি সভাপতি ৰতন দৈমাৰী, সম্পাদক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিনন নাৰ্জাৰী, মনোনীত সদস্য ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জগদীশ ডেকা,২ নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ্বৰ বৰুৱা, ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জ্যোতি কুমাৰ নাথ, ওৰাঙৰ কস্তুুৱাগান্ধী বালিকা বিদ্যালয়ৰ ওৱাৰডেন্ট-অধীক্ষক চাহানা চিদ্দিকি, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতা, ওৰাং উপ ডাকঘৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু প্ৰমুখ ব্যক্তি মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ মামলুৰাম ডেকা, অবসৰপ্ৰাপ্ত প্ৰবক্তা কুমুদ কুমাৰ শৰ্মা, সাংবাদিক নব কুমাৰ ডেকা, প্ৰবক্তা মনতাজ মজুমদাৰ, আব্দুল মতলেব,‌ মন্টু দৈমাৰী আৰু কাৰ্য্যলয়ৰ জ্যেষ্ঠ ষ্টাফ যোগেন চন্দ্ৰ মেধিক লৈ পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিখন গঠন কৰা হয়।‌

পৰীক্ষা কেন্দ্ৰটোৰ হিচাপ নিকাচ পৰীক্ষা কৰাৰ বাবে হিচাপ পৰীক্ষক হিচাপে নৰপতি শৰ্মা,কুঞ্জ কান্ত বৰাক সভাই দায়িত্ব প্ৰদান কৰে। মহাবিদ্যালয়ৰ পৰীক্ষাবোৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মহাবিদ্যালয়ৰ প্ৰবক্তা মনতাজ মজুমদাৰ,‌আব্দুল মতলেব, ইংকু নাথক সভাই পৰীক্ষা সহকাৰী পৰিচালক হিচাপে দায়িত্ব প্ৰদান কৰে। সভাত মামলুৰাম ডেকা, কুমুদ কুমাৰ শৰ্মা,‌নব কুমাৰ ডেকা, যোগেন চন্দ্ৰ মেধি আদি সকলে গঠনমূলক আৰু সৃষ্টিশীল দিহা পৰামৰ্শ আগবঢ়ায়।

Also Read: উখল মাখল শ্ৰী শ্ৰী ৰামৰায় কুঠি সত্ৰশাল

hs exam orang