বসন্তৰ প্ৰাকক্ষণত বৰণ সলাইছে কাজিৰঙাই

অপেক্ষা মাত্ৰ বৰষুণলৈ ৷ বাৰিষাৰ আগমনৰ লগে লগে আৰম্ভ হোৱা বৰষুণৰ পৰশত গজি উঠা ন-কুঁহিপাতে পুনৰ সজাব কাজিৰঙাক সেউজীয়াৰে ৷
বসন্তৰ প্ৰাকক্ষণত বৰণ সলাইছে কাজিৰঙাই

ডিজিটেল সংবাদ,কাজিৰঙা : শীতৰ পৰশত ৰং সলনি হ’ল সেউজ কাজিৰঙাৰ ৷ চালে চকুৰোৱা কাজিৰঙাৰ সেউজ কোমল পৰিৱেশত এতিয়া কেৱল শুকান মুগা বৰণৰ আস্বাদন ৷ তাতে জুয়ে পুৰা বিশাল ঘাঁহনিৰ ছাঁইবোৰেও অন্য এক ৰূপ দিছে কাজিৰঙাৰ চিৰ পৰিচিত ৰূপলাৱণ্যক ৷

তাৰমাজতে চলিছে গঁড়, হৰিণা, ম’হকে ধৰি তৃণভোজী বন্যপ্ৰাণীৰ খাদ্যৰ সন্ধান ৷ শীতে লঠঙা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এয়া এক বাস্তৱ তথা স্বাভাৱিক পৰিৱেশৰ ছবি ৷ প্ৰকৃততে ঋতু পৰিৱৰ্তনৰ লগে লগে ৰং সলনি হয় কাজিৰঙাৰ ৷ বসন্তৰ পৰশত সেউজ বুলিয়া হোৱা কাজিৰঙাৰ ৰং সময়ৰ লগে লগে সলনি হয় ৷

ক্ৰমে বন্যজন্তুৰ খাদ্যৰ বাবে অলাগতিয়াল হৈ পৰে শীতৰ পৰশত শুকান হৈ পৰা ইকৰা খাগৰিৰ লগতে ওখ ওখ ঘাঁহনিবোৰ; কিন্তু বিশাল তৃণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল চালিকা শক্তি ৷ গতিকে তৃণভূমিক সঠিক ৰূপত ৰাখিবলৈ প্ৰতিবছৰে ফেব্ৰুৱাৰী মাহত কৰাৰ দৰে এইবাৰো কৰা হৈছে কন্ট্ৰল বাৰ্ণিং ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ অৰুণ ভিগনেশে প্ৰকাশ কৰামতে কেইবাটাও কাৰণত ৰাষ্ট্ৰীয় উদ্যানখনত কন্ট্ৰল বাৰ্ণিং কৰা হয়;যদিও প্ৰধান কাৰণ শুকান তৃণভূমি জ্বলাই দি বাৰিষাত নতুন ঘাঁহবন গজাৰ সুবিধা দিয়া হয় ইয়াৰ যোগেদি ৷

তদুপৰি শুকান ঘাঁহবনৰ পৰা বনজুইৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ মন কৰিব লগিয়া যে জ্বলাই দিয়া ঘাঁহনিৰ ছাঁইবোৰ চেলেকি সোৱাদ লয় একাংশ বন্য জন্তুৱে ৷ ডি এফ অ’ ভিগনেশৰ মতে কেতিয়া বন্যজন্তুৰ খাদ্যপ্ৰাণৰ অভাৱ হ’লে ছাঁইৰ পৰা আহৰণৰ চেষ্টা কৰে বন্যজন্তুৱে ৷

এতিয়া অপেক্ষা মাত্ৰ বৰষুণলৈ ৷ বাৰিষাৰ আগমনৰ লগে লগে আৰম্ভ হোৱা বৰষুণৰ পৰশত গজি উঠা ন-কুঁহিপাতে পুনৰ সজাব কাজিৰঙাক সেউজীয়াৰে ৷

বসন্তৰ প্ৰাকক্ষণত বৰণ সলাইছে কাজিৰঙাই
নুমলীগড় শোধনাগাৰাঞ্চলত গোৱালপৰীয়া লোকগীতৰ এসন্ধ্যা উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in